peepl-small

ডিব্ৰুগড় জিলাত ২৮ এপ্ৰিলৰ পৰা ১২ মে’লৈ শিক্ষানুষ্ঠান বন্ধঃ দিনটোত ২২৫ গৰাকী ক’ৰোনাত আক্ৰান্ত

PUBLISHED:

গুৱাহাটীঃ ক্ৰমান্বয়ে ভয়ংকৰ দিশে গতি কৰিছে ডিব্ৰুগড়।ক’ভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ ফলত আজি ডিব্ৰুগড়ত ইয়াৰ মুঠ পৰিসংখ্যা হ’লগৈ ১৫০২ গৰাকী। আজি ২৯৯৮ গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰাত ১০৯ গৰাকীৰ দেহত পজিটিভ ধৰা পৰিছে। আনহাতেদি ৭৭৮ গৰাকীৰ আৰ টি পি চি আৰ টেষ্ট কৰাত ১১৬ গৰাকীৰ দেহত নতুনকৈ পজিটিভ ধৰা পৰা বুলি চৰকাৰী তথ্যত প্ৰকাশ।

কেৱল আজিৰ দিনটোতে ২২৫ গৰাকীৰ দেহত মাৰাত্মক ক’ভিড-১৯ ধৰা পৰাত সকলো শংকিত হৈ পৰিছে।ক্ৰমান্বয়ে জিলাখনত সংক্ৰমণ বৃদ্ধি পোৱাত জনসাধাৰণ যিধৰণে সচকিত বা সাৱধানতা অৱলম্বন কৰিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই।

এতিয়াও প্ৰশাসনে মাইকযোগে জনসাধাৰণক সজাগ কৰি থকাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

যোৱা ১০ দিনত ডিব্ৰুগড় জিলাত ৩০০ তকৈ অধিক ক’ভিড ১৯ পজিটিভ ৰোগী চিনাক্তকৰণ কৰা হৈছে। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰী অধিসূচনা অনুসৰি ডিব্ৰুগড় জিলাৰ উপায়ুক্তই এক আদেশযোগে জিলাখনৰ সকলো শিক্ষানুষ্ঠান(চৰকাৰী/বেচৰকাৰী) প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত লগতে সকলো মহাবিদ্যালয়, কোচিং ইনষ্টিটিউছন আৰু সকলো শ্ৰেণীৰ হোষ্টেলসমূহ অহা ২৮ এপ্ৰিল, ২০২১ ৰ পৰা ১২ মে, ২০২১ লৈকে বন্ধ ঘোষণা কৰিছে।

এইক্ষেত্ৰত ছাত্ৰ- ছাত্ৰীসকলৰ বাবে অনলাইন ক্লাছসমূহ চলি থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ।

RELATED ARTICLES