গুৱাহাটী: ঘাতক ভাইৰাছ ক’ৰোনাৰ দ্বিতীয় জোৱাৰে ৰাজ্যত ভয়াৱহ কৰি তুলিছে সামগ্রিক পৰিস্থিতি৷ অক্সিজেন–বিছনাৰ অভাৱত দেশৰ বিভিন্ন প্রান্তত বহু ক’ৰোনা আক্রান্তই মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে অসমতো অতি উদ্বেগজনকভাৱে দ্রুতগতিত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ সমান্তৰালভাৱে ক’ৰোনাত প্রাণহানিৰ ঊর্ধ্বমুখী গ্রাফে ৰাজ্যবাসীৰ বুকু কঁপাই তুলিছে৷
বুধবাৰে দিনটোতে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে অর্ধশতাধিকৰ ঘৰ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে ৫৫জন ক’ভিড আক্রান্তৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১৮জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ সেইদৰে বৰপেটাত মৃত্যু হৈছে ৬গৰাকী ক’ভিড আক্রান্তৰ৷ তদুপৰি গোৱালপাৰা–নগাঁও–শো তিনিগৰাকীকৈ, বঙাইগাঁও–কাছাৰ–ধে দুগৰাকীকৈ আৰু চৰাইদেউ–দৰং–ডিব্রু এগৰাকীকৈ লোকে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷
ইপিনে বুধবাৰে দিনটোত ৰাজ্যত আক্রান্ত হৈছে ৪,৮২৬জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫২,০৭৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৯.২৭ শতাংশ৷ বুধবাৰে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা ২,৯১৬জন৷ সম্প্রতি ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৯,৯১৫জন৷ ইপিনে বর্তমানলৈ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৮৫জন৷
উল্লেখ্য যে বিগত এসপ্তাহজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ প্রতিদিনে ২০জনতকৈ অধিক লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে৷ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ শৱদেহেৰে ভৰি পৰিছে শ্মশান৷ শাৰী শাৰী চিতাৰ জুয়ে আনিছে ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বতৰা৷ একপ্রকাৰ ক’ভিডৰ বাবে নির্ধাৰণ কৰা শ্মশান আৰু কবৰস্তানসমূহত সৎকাৰৰ বাবে ৰখা শাৰী শাৰী মৃতদেহে আগন্তুক সময়ত আনিব পৰা ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে৷ ৰাজ্য চৰকাৰে ক’ভিডৰ বিভীষিকাময় পৰিস্থিতি নিয়ন্ত্রণৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে যদিও কার্যতঃ একাংশ লোকৰ অসচেতনতাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ আশংকা কৰা হৈছে৷
ৰাজ্য চৰকাৰে বুধবাৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰিছে কঠোৰ বাধা নিষেধৰ নির্দেশনা সম্বলিত নতুন এছ অ’ পি৷ এই এছ অ’ পি অনুসৰি দিনৰ ২ বজাত চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ লগতে দোকান–পোহাৰ বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি সন্ধিয়া ৬ বজাৰ পৰা বলৱৎ কৰা হৈছে নৈশ সান্ধ্য আইন৷ তৎসত্ত্বেও একাংশ লোকে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি দিনৰ ২ বজাত দোকান–পোহাৰ বন্ধ কৰাৰ ক্ষেত্রত অৱহেলা কৰা পৰিলক্ষিত হৈছে৷ আৰক্ষীয়ে গৈ তেওঁলোকক দোকান–পোহাৰ বন্ধ কৰিবলৈ নির্দেশ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একেদৰে কিছুসংখ্যক লোকে নৈশ্য সান্ধ্য আইনৰ সময়তো ঘৰৰ পৰা ওলাই অহা দেখা গৈছে৷ তদুপৰি ক’ৰোনাৰ দ্বিতীয় লহৰে প্রাণনাশী ৰূপ লোৱাৰ সময়তে একাংশই চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে তথা সঠিকভাৱে মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি নচলাৰ বাবেও ক’ৰোনাৰ গণসংক্রমণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷