peepl-small

নতুনকৈ ক’ভিডত আক্রান্ত ৪,৩০৯জনঃ মৃত ৪৬

PUBLISHED:

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৪,৩০৯জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৭,০৭৫ট নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ক’ভিডৰ আক্রান্তৰ হাৰ হৈছে ৪.০২ শতাংশ৷ নতুনকৈ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৮৬জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি তিনিচুকীয়াৰ ৩৪৭জন, কাছাৰৰ ৩১৮জন আৰু শোণিতপুৰৰ ২৭৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ সমান্তৰালভাৱে ক’ভিডত  মৃত্যু ঘটিছে ৪৬জন লোকৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৮জন তিনিচুকীয়া জিলাৰ৷ একেদৰে ডিব্রুগড়ৰ ৬জন, কামৰূপ মহানগৰৰ ৫জন, মৰিগাঁও–নগাঁও–শোণি ৪জনকৈ, যোৰহাটৰ ৩জন, কাছাৰ–নলবাৰীৰ দুজনকৈ, চৰাইদেউ–দৰং–ধুবুৰ্ ১জনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৫২৩জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে সুস্থ হোৱা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৭৯০জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা লোকৰ সংখ্যা হৈছে ৫০,৩৫৪জন৷

দেশত ৩৫ দিনৰ মূৰত এদিনৰ মৃতকৰ সংখ্যা ৩ হাজাৰৰ তললৈ নামিল

কালিৰ তুলনাত দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা সামান্য বৃদ্ধি হ’লেও মৃতকৰ সংখ্যা হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১,৩৪,১৫৪জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছে ২,৮৮৭জন৷ তাৎপর্যপূর্ণ যে বিগত ৩৫ দিনৰ মূৰকত মৃতকৰ সংখ্যা এদিনত তিনি হাজাৰৰ তললৈ নামিল৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত ১.৩৪ লাখ লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ২,৮৪,৪১,৯৮৬জনলৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ২,৮৮৭জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩,৩৭,৯৮৯জনলৈ বৃদ্ধি পাইছে৷ ইপিনে, বিগত পষেক ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত ২,১১,৪৯৯জন লোক সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ২,৬৩,৯০,৫৮৪জনলৈ বৃদ্ধি পাইছে৷ দেশত সুস্থতাৰ হাৰ ৯২.৭ শতাংশ৷

আনপিনে, যোৱা ২৪ ঘণ্টাত ২১,৫৯,৮৭৩জন লোকৰ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰাত দেশজুৰি মুঠ ক’ভিড পৰীক্ষণৰ সংখ্যা ৩৫,৩৭,৮২,৬৪৮জনলৈ বৃদ্ধি পালে৷ ঠিক তেনেদৰে যোৱা ২৪ ঘণ্টাত ২৪,২৬,২৬৫ ভেকচিন ড’জ প্রদান কৰাত ভেকচিন প্রদানৰ সংখ্যা ২২,১০,৪৩,৬৯৩লৈ বৃদ্ধি পাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্র, দিল্লী, ছত্তিশগড়, পঞ্জাব, ঝাৰখণ্ড, উত্তৰ প্রদেশকে ধৰি ১৩খন ৰাজ্যত ক্রমাগতভাৱে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও হ্রাস পাই আহিছে৷ আনপিনে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, তামিলনাডু, অন্ধ্রপ্রদেশ, কর্ণাটক, পশ্চিমবংগ আদি ৰাজ্যত দৈনিক আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ মন কৰিবলগীয়া যে যোৱা ২৪ এপ্রিলত ২৫ সহস্রাধিক লোক আক্রান্ত হোৱা দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে চাৰি শতাধিক লোক৷ ৰাজধানী চহৰখনত পজিটিভিটীৰ হাৰ ০.৭২লৈ নিম্নগামী হৈছে৷ মহাৰাষ্ট্রতো যোৱা ২৪ এপ্রিলত ৬৫ সহস্রাধিক লোক আক্রান্ত হৈছিল৷ উত্তৰাখণ্ডত ক’ভিড–১৯ত আক্রান্ত হোৱা ২,৩৮২জন আৰক্ষীৰ লোকৰ ভিতৰত ৯৩ শতাংশই ভেকচিনৰ দুয়োটা ড’জ লৈছিল৷

RELATED ARTICLES