peepl-small

কৰোনাই কৰিলে ভাৰতত অভিলেখ একেদিনাই ৩ লাখতকৈ অধিক সংক্ৰমিত

PUBLISHED:

গুৱাহাটী: কালৰূপ ধৰিছে কৰোনা ভাইৰাছে। ভাৰতত কৰোনা ভাইৰাছৰ প্ৰকোপৰ ক্ৰমান্বয়ে নতুন ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইফালে, ভাৰতত নতুন কোভিড-19 সকলো ঘটনাই অভিলেখ ভংগ কৰিছে আৰু প্ৰায় ৩.১৫ লাখ একে দিনাই সংক্ৰমিত হৈছে। যি মহামাৰীৰৰ আৰম্ভণিতে কোনো এখন দেশতেই সৰ্বাধিক সংখ্যা।

যোৱা ২৪ ঘণ্টাত প্ৰায় ৩.১৫ লাখ টা নতুন ঘটনা আৰু ২১০২ জনৰ  মৃত্যু
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ঘণ্টাত ভাৰতত ৩লাখ ১৪ হাজাৰ ৮৩৫ জন লোক কৰোনা ভাইৰাছত সংক্ৰমিত হৈছে, আনহাতে ২১০৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে পিছত ভাৰতত কৰোনা সংক্ৰমিত লোকৰ মুঠ সংখ্যা ১৫৯ লাখ ৩০ হাজাৰ ৯৬৫ জনলৈ লৈ বৃদ্ধি হৈছে, আনহাতে ১ লাখ ৮৪ হাজাৰ ৬৫৭ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ সৈতে, দেশত সক্ৰিয় কোভিড-19 ৰোগীৰ সংখ্যাও ২২ লাখ ৯১ হাজাৰ ৪২৮ জনলৈ লৈ বৃদ্ধি পাইছে।

নতুন সংক্ৰমিত সংখ্যাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰেকৰ্ড ভংগ কৰে
টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি, ভাৰতত নতুন কোভিড-19 ঘটনাই প্ৰথমে ৩ লাখৰ সীমা অতিক্ৰম কৰে, যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰো অভিলেখ ভংগ হয়। ইয়াৰ আগতে ৮ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ৩ লাখ ৭ হাজাৰ,৫৮১ টা নতুন ঘটনা সংঘটিত হৈছিল।

RELATED ARTICLES