peepl-small

শীঘ্রে বন্ধ হ’ব আন্তঃজিলা যাতায়াত

PUBLISHED:

গুৱাহাটী: ক’ৰোনাৰ ভয়াৱহ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কেতবোৰ কঠোৰ নীতি–নিয়ম৷ লকডাউনসদৃশ পৰিস্থিতি অব্যাহত থকাৰ সময়তে শীঘ্রে ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা পৰিবহণ৷ দেওবাৰে দদৰা–শিঙিমাৰী ক’ভিড চিকিৎসালয় পৰিদর্শন কৰি এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় ক’ভিড প্রতিৰোধৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ আগন্তুক সময়ত আন কেতবোৰ ব্যৱস্থা লোৱা হ’ব৷ শীঘ্রে আন্তঃজিলা যাতায়াত কিছু দিনৰ বাবে বন্ধ কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে আন্তঃজিলা যাতায়াত বন্ধৰ ক্ষেত্রত যাৱতীয় নীতি–নিয়ম আজি জাৰি কৰাৰ সম্ভাৱনা আছে বুলিও প্রকাশ কৰিছে৷ আন্তঃজিলা যাতায়াত সাধাৰণ নাগৰিকৰ বাবে বন্ধ কৰিলেও জৰুৰীকালীন সেৱা, খাদ্য–সামগ্রী কঢ়িওৱা বাহন আদিক ৰেহাই দিয়াৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে বিগত বর্ষত ক’ভিড সংক্রমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সময়ত বন্ধ কৰা হৈছিল আন্তঃজিলা পৰিবহণ৷ ক’ভিড আক্রান্ত লোক যাতে এখন জিলাৰ পৰা গৈ আন এখন জিলাত কোনো ব্যক্তিক সংক্রমিত কৰিব নোৱাৰে, তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছিল৷ ইয়াৰ ফলত ক’ভিড সংক্রমণ কিছু পৰিমাণে হ্রাস পোৱা পৰিলক্ষিত হৈছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আজিৰ পৰা কার্যকৰী হোৱাকৈ ৰাজ্যত চহৰ অঞ্চলসমূহৰ লগতে ইয়াৰ সংলগ্ণ ৫ কিলোমিটাৰ পর্যন্ত দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে৷ সমান্তৰালভাৱে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অন্তর্গত বাছসমূহত কেৱল ৩০ শতাংশ যাত্রীৰে চলাচলৰ অনুমতি প্রদান কৰা হৈছি৷ ফলত আন্তঃজিলা ৰাজহুৱা পৰিবহণ ব্যৱস্থা প্রায় অচল হৈ পৰিছে৷

অৱশ্যে এতিয়াও একাংশ লোকে ব্যক্তিগত বাহনেৰে অব্যাহত ৰাখিছে আন্তঃজিলা যাতায়াত৷ ইপিনে, মন্ত্রীগৰাকী উপস্থিত হৈ চিকিৎসালয়খনত থকা ৰোগীৰ লগতে ক’ভিড চিকিৎসালয়খনৰ বুজ লয়৷ চৰকাৰী কার্যসূচী অনুসৰিয়েই মন্ত্রীগৰাকীয়ে চিকিৎসালয়খনৰ আই চি ইউ, ভেণ্টিলেটৰ আৰু অক্সিজেন ব্যৱস্থা আদিৰ বুজ লয়৷ পাছত সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে চিকিৎসালয়খনত বর্তমান ৫৪খন বিছনা থকাৰ উপৰি ইয়াত পর্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত আছে৷ কম দিনৰ ভিতৰতে চিকিৎসালয়খনৰ লগত সংলগ্ণ কৰি এটা অক্সিজেন প্লাণ্ট নির্মাণৰ কথা উল্লেখ কৰে৷ আনহাতে, তেওঁ সম্পূর্ণ লকডাউনৰ সম্ভাৱনা নাই বুলিও উল্লেখ কৰে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিড প্রট’কল মানি হাস্পতালত থকা ক’ভিড ৰোগীসকলৰ সৈতেও মত বিনিময় কৰে৷ মন্ত্রীগৰাকীৰ লগত স্বাস্থ্য সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞা, অতিৰিক্ত সঞ্চালক প্রদীপ টিমুং, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণীন্দ্র নাথ দেৱ শর্মা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক এনকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে৷

RELATED ARTICLES