peepl-small

ক’ৰোনা মহামাৰীৰ প্ৰভাৱ, বৰষুণৰ ফলত চমকঙ চেঙাজানত বিঘাই বিঘাই নষ্ট হৈছে গোমধানৰ খেতি,বৃহৎ লোকচানৰ সন্মুখীন কৃষকৰ

PUBLISHED:

গুৱাহাটীঃ  কো’ৰোনা পৰিস্থিতিৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত বিঘাই বিঘাই নষ্ট হ’বলৈ ধৰিছে চমকঙৰ চেঙাজান গোৱালা গাঁৱৰ কৃষকৰ গোমধানৰ খেতি। কো’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে নীতি-নিৰ্দেশনা বলবৎ কৰাৰ পৰাই বৃহৎ লোকচানৰ সন্মুখীন হ’বলগা হৈছে জোনাই ৰাজহ চক্ৰৰ চমকং গাওঁ পঞ্চায়তৰ চেঙাজানৰ গোমধান খেতিয়ক সকল। চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা অনুসৰি সাপ্তাহিক বজাৰৰ লগতে পুৱা ১১ বজাৰ লগে লগে দোকান বজাৰ বন্ধ থকাৰ ফলত লালী, ব্ৰহ্মপুত্ৰৰ বক্ষত থকা চেঙাজানৰ গোমধানৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মূখীন হৈছে। সাপ্তাহিক বজাৰ বন্ধৰ উপৰি দৈনিক বজাৰো পুৱা ১১ বজাতেই বন্ধ হৈ পৰাৰ লগতে যাতায়ত যোগাযোগৰ ক্ষেত্ৰতো ভীষণ অসুবিধা। আনহাতে চিমেন চাপৰি, চিলাপথাৰ আদি ঠাইৰ বজাৰলৈ কেবাকিলোমিটাৰ ৰাস্তা। দূৰণিবতীয়া ৰাস্তাৰ বাবে সময়মতে চেঙাজানৰ কৃষকে উৎপাদিত সামগ্ৰী বজাৰত উলিয়াই দিবলৈ সক্ষম নহয়।

ক’ৰোনা কালৰ এনে পৰিস্থিতিৰ সময়তে কেবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বুৰাই পেলাইছে গোমধানৰ খেতি। আনবছৰৰ দৰে এইবাৰো চেঙাজান গোৱালা গাঁৱৰ ৰামলাল যাদৱে তিনি বিঘা, লক্ষ্মণ মালাই পাঁচ বিঘা, যোগেশ যাদৱে দুবিঘা,চিউজী তিনি বিঘা, ৰাজেন্দ্ৰ যাদৱে চাৰি বিঘা, ৰামভৱন মাঝিয়ে চাৰি বিঘা, বিজয়শঙ্কৰ মালাই চাৰি বিঘা, জগিন্দৰ যাদৱে পাঁচ বিঘা, প্ৰভু মালা, বাহাদুৰ মালা,দশৰথ মালাই পাঁচ বিঘাকৈ গোমধানৰ খেতি কৰিছে। ইয়াৰে কেবাজনো খেতিয়কে বন্ধন,আৰোহণ আদি বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ লৈছিল ব্যৱসায় ভিত্তিত গোমধানৰ খেতি কৰিবলৈ।

ইতিমধ্যে খেতিয়ক সকলৰ গোমধানৰ খেতি চপোৱাৰ সময় আহি পৰিছে যদিও ক’ৰোনাৰ প্ৰভাৱে পৰিস্থিতি জটিল কৰি তোলাৰ বাবে বজাৰত বিক্ৰী কৰিব পৰা নাই উৎপাদিত গোমধান সমুহ। কিছুদিন আগলৈকে চিমেন চাপৰি, চিলাপথাৰ, জোনাই, পাছিঘাট আদি ঠাইৰ পৰা অহা বেপাৰীয়ে চেগাচোৰোকাকৈ কমবেছি পৰিমাণে ক্ৰয় কৰি নিয়াৰ লগতে ডিব্রুগড়লৈও নাৱেৰে নিয়াৰ ব্যৱস্থা হৈছিল। কিন্তু শেহতীয়াকৈ চৰকাৰে একৈশ মে’ৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ কৰি দিয়াৰ ফলত ফেৰী বন্ধ হৈ পৰে। যাৰফলত সকলো দিশতে বিক্ৰী বন্ধ হৈ পৰিছে চেঙাজানৰ উৎপাদিত গোমধান সমুহ। ইয়াৰোপৰি কেবাদিনো ধৰি দি থকা বৰষুণৰ ফলত গোমধানৰ খেতিত পানী জমা হ’বলৈ লৈছে। ইয়াৰ বাবেও নষ্ট হোৱাৰ ফলত লোকচানৰ সন্মুখীন হৈছে চেঙাজানৰ কৃষকসকলে।

RELATED ARTICLES