peepl-small

ক’ভিড বিধি উলংঘাৰে দীপৰ বিলৰ পাৰত জনসমাগম

PUBLISHED:

গুৱাহাটীঃ   প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ দীপৰ বিলৰ সৌন্দর্য উপভোগ কৰিবলৈ এতিয়া নিতৌ অগণন লোকে ভিৰ কৰা দেখা গৈছে৷ মহানগৰীৰ আজাৰা থানা এলেকাৰ চকর্দো পাহাৰৰ দদাতিত নিতৌ সমৱেত হোৱা লোকসকলৰ বেছিভাগৰে নাই কোনো সামাজিক দূৰত্বৰ নীতি–নিয়ম তথা মাস্ক পৰিধানৰ ব্যৱস্থা৷ যাৰ ফলত ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ হোৱাৰ যথেষ্ট সম্ভাৱনাই দেখা দিছে৷

বিভিন্ন ঠাইৰ পৰা অহা এনে লোকসকলৰ পৰা ক’ৰোনাৰ সংক্রমণ হোৱাৰ সন্দেহত স্থানীয় লোকসকলৰ মাজত তীব্র অসন্তুষ্টিয়ে দেখা দিছে৷ এই সন্দর্ভত ৰংমন টুৰিজিম ছ’চাইটীৰ প্রমোদ কলিতাকে ধৰি কর্মকর্তাসকলে জনসাধাৰণক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই৷ আনহাতে, ক’ভিড প্রট’কল অমান্য কৰি দীপৰ বিলৰ পাৰত এনেদৰে শ শ লোকে ভিৰ কৰা বুলি অৱগত হৈও আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে কোনোব্যৱস্থা নোলোৱা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

RELATED ARTICLES