peepl-small

দেশত ক’ভিড–১৯ত আক্রান্ত হ্রাসঃ সুস্থতাৰ সংখ্যা বৃদ্ধি

PUBLISHED:

গুৱাহাটীঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰসৃষ্ট বিপজ্জনক পৰিস্থিতি লাহে লাহে হ্রাস পাবলৈ ধৰিছে৷ দেশজুৰি আক্রান্তৰ সংখ্যা ক্রমান্বয়ে হ্রাস পোৱাৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ তেনেদৰে বিগত দুদিন ধৰি মৃতকৰ সংখ্যাও হ্রাস পাই আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১.৭৩ লাখৰ বিপৰীতে সুস্থ হৈ উঠিছে ২.৮৪ লাখ৷ ২৪ ঘণ্টাত মৃত্যু হয় ৩,৬১৭জনৰ৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১.৭৩ লাখ লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশজুৰি আক্রান্তৰ সংখ্যাই ২.৭৭ কোটি অতিক্রম কৰিছে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ২,৮৪,৬০১জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যাও ২.৫০ কোটিৰ অধিক৷ বর্তমান দেশত সক্রিয় ৰোগীৰ সংখ্যা ২২.২৮ লাখ৷ সুস্থতাৰ হাৰ ৯০.৮০ শতাংশ৷ মন কৰিবলগীয়া যে বিগত ১৬ দিন ধৰি সুস্থ লোকৰ সংখ্যা বৃদ্ধি পাই থকা বাবে দেশৰ সুস্থতাৰ হাৰো বৃদ্ধি হৈ আছে৷ পজিটিভিটীৰ হাৰ বর্তমান ৯.৮৪ শতাংশ৷ আনহাতে, যোৱা ২৪ ঘণ্টাত ৩,৬১৭জন লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৩,২২,৫১২জনলৈ বৃদ্ধি পাইছে৷

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশজুৰি ৩০,৬২,৭৪৭ ভেকচিন ড’জ প্রদান কৰা হৈছে৷ ইয়াকে লৈ দেশজুৰি ২০.৮৯ ভেকচিন ড’জ প্রদান কৰা হৈছে৷ আনহাতে, ব্লেক–হোৱাইট–য়েলো ফাংগাছত সংক্রমিত এজন ক’ভিড ৰোগীৰ আজি গাজিয়াবাদত মৃত্যু ঘটে৷ কালান্তক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে গাজিয়াবাদৰ সঞ্জয় নগৰৰ ৫৯ বছৰীয়া কোঁৱৰ সিং নামৰ লোক এজন প্রথমে ব্লেক ফাংগাছ আৰু পিছলৈ মাৰাত্মক হোৱাইট আৰু য়েলো ফাংগাছত আক্রান্ত হয়৷ হর্ষ হাস্পতালত তিনিওটা ফাংগাছত সংক্রমিত ক’ভিড ৰোগী কোঁৱৰ সিঙৰ চিকিৎসা চলোৱা ডাঃ বিপি ত্যাগীয়ে প্রকাশ কৰা মতে, কোঁৱৰ সিঙক সকলো প্রকাৰৰ চিকিৎসা প্রদান কৰা হয় যদিও আজি পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷

যোৱা ২৪ মে’ত ক’ভিড ৰোগী সিঙৰ এণ্ড’স্কপী কৰাৰ সময়ত ব্লেক আৰু হোৱাইটৰ উপৰি য়েলো ফাংগাছ ধৰা পৰিছিল৷ ইয়াৰ পিছতেই চিকিৎসকসকলে ৰোগীজনক সুস্থ কৰাৰ বাবে সকলোধৰণৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰে যদিও সংক্রমণৰ পৰা ৰক্ষা নপৰিলে৷ অর্থাৎ সংক্রমিত হৈ মৃত্যু ঘটিল৷ দেশৰ ৰাজধানী নতুন দিল্লীত আক্রান্তৰ হাৰ দ্রুতগতিত হ্রাস পাই আছে৷

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ প্রাৰম্ভতে এদিনত ২৫ সহস্রাধিক লোক আক্রান্ত হৈ অনাকাংক্ষিত অভিলেখ গঢ়া দেশৰ ৰাজধানী দিল্লীত লকডাউন বলৱৎ কৰাৰ ফলত আক্রান্তৰ হাৰ দ্রুতগতিত হ্রাস পাইছে৷ কার্যতঃ ক’ভিডৰ সংক্রমণ প্রায় নিয়ন্ত্রণ হৈছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা এহেজাৰৰ তললৈ নিম্নগামী হৈছে৷ ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ৯০০জন লোক আক্রান্ত হৈছে৷

উল্লেখ্য যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ত প্রথমবাৰৰ বাবে ৰাজধানীত এহেজাৰৰ তলত আক্রান্ত হৈছে বুলি মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে প্রকাশ কৰিছে৷ ৰাজধানী চহৰখনত পজিটিভিটীৰ হাৰ ১.৫৯ শতাংশলৈ নিম্নগামী হৈছে৷ ৩১ মে’লৈ লকডাউন বলৱৎ থকা ৰাজধানী দিল্লীত ১ জুনৰ পৰা ইতিমধ্যে আনলক ঘোষণা কৰা হৈছে৷

কাৰখানা, উদ্যোগ আৰু অর্থনৈতিক কার্যকলাপসমূহ ১ জুনৰ পৰা পুনৰ আৰম্ভ হ’ব৷ ইপিনে, ক’ভিড–১৯ৰ ভেকচিনক লৈ কেন্দ্রীয় চৰকাৰৰে বাক বিতণ্ডাত লিপ্ত হৈ আছে দিল্লীৰ আপ চৰকাৰ৷ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই প্রকাশ কৰা মতে, দিল্লীৰ ৯২ লাখ ১৮–৪৪ বছৰ বয়সৰ লোকক ভেকচিন প্রদান কৰাৰ বাবে ১.৮৪ কোটি ভেকচিনৰ প্রয়োজন৷

RELATED ARTICLES