peepl-small

গুৱাহাটীৰ ভৰলু নৈত ধৰা পৰিল ক’ৰোনা ভাইৰাছৰ উপস্থিতি

PUBLISHED:

গুৱাহাটী: ডেৰ বছৰ ধৰি বিশ্ববাসীক ত্রাসিত কৰা ঘাতক ক’ৰোন ভাইৰাছক লৈ বিজ্ঞানী–গৱেষকে নতুন নতুন তথ্য উদ্ঘাটন কৰি আছে৷ মানৱ জাতিৰ প্রত্যাহ্বান হৈ থকা কালান্তক ক’ৰোনা ভাইৰাছৰ স্থিতি শেহতীয়াভাৱে বর্জিত পানীৰ নমুনাত ধৰা পৰিছে৷

ভয়াৱহ খবৰৰ ৰূপত চর্চিত বর্জিত পানীৰ নমুনাত ক’ৰোনা ভাইৰাছৰ স্থিতি ধৰা পৰা দেশৰ নদীৰ তালিকাত আছে অসমৰ গুৱাহাটীৰ ভৰলু নৈ৷ ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠান, গান্ধীনগৰ, চমুকৈ আই আই টি, গান্ধীনগৰসহ দেশৰ আঠ প্রতিষ্ঠানৰ বিজ্ঞানীয়ে চলোৱা গৱেষণা–অধ্যয়নত গুজৰাটৰ আহমেদাবাদৰ সবৰমতী নদী, আহমেদাবাদৰ কাংকাৰীয়া আৰু চান্দ’লা হ্রদৰ পানীৰ নমুনাত ক’ৰোনা ভাইৰাছৰ স্থিতি ধৰা পৰিছে৷

তেনেদৰে অসমৰ ভৰলু নৈৰ পানীৰ নমুনাত আছিল ক’ৰোনা ভাইৰাছ৷ আই আই টি, গান্ধীনগৰ, জে এন ইউৰ স্কুল অৱ এনভায়ৰনমেণ্টল ছায়েন্সৰ শিক্ষার্থী জড়িত এই অধ্যয়নত গুৱাহাটীৰ প্রাকৃতিক পানীৰ নমুনা সংগ্রহ কৰিছিল৷

গৱেষণা–বিজ্ঞানীৰ দলটোৱে ভৰলু নৈৰ পানীৰ নমুনাও সংগ্রহ কৰিছিল আৰু এই সংগৃহীত নমুনাত ক’ৰোনা ভাইৰাছৰ স্থিতি ধৰা পৰে৷ আই আই টি, গান্ধীনগৰৰ আর্থ ছায়েন্স বিভাগৰ মনীষ কুমাৰে প্রকাশ কৰা মতে, বর্জিত পানী বৈ যোৱা নদীত ক’ৰোনা ভাইৰাছৰ স্থিতি এতিয়ালৈকে ধৰা পৰিছে৷

মনীষ কুমাৰে প্রকাশ কৰা মতে, তেওঁলোকৰ দলটোৱে নদীৰ পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষণ চলাইছে৷ আহমেদাবাদত সর্বাধিকসংখ্যক বর্জিত পানী ট্রিটমেণ্ট প্লাণ্ট আছে, গুৱাহাটীত এটাও নাই৷ যেতিয়া তেওঁলোকৰ দলে দুয়োটা স্থানৰ নদীৰ পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰিলে, ক’ৰোনা ভাইৰাছৰ স্থিতি নিশ্চিত হৈছিল৷

কুমাৰৰ তথ্য মতে, ২০২০ চনৰ ৩ ছেপ্টেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ প্রতি সপ্তাহতে নদীকেইখনৰ পৰা পানীৰ নমুনা সংগ্রহ কৰিছিল৷ সবৰমতী নদীৰ পৰা ৬৯৪ নমুনা, কাংকাৰিয়া হ্রদৰ পৰা ৫৪৯ আৰু চান্দ’লা নদীৰ পৰা ৪০২বাৰ নমুনা সংগ্রহ কৰিছিল৷

RELATED ARTICLES