peepl-small

ক’ভাক্সিনে ধ্বংস কৰে ক’ভিডৰ সকলো প্রকৰণৰ সংক্রমণ

PUBLISHED:

গুৱাহাটী:  ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেকচিন ক’ভিড–১৯ৰ সকলো নতুন প্রকৰণৰ ভাইৰাছৰ সংক্রমণৰ বিৰুদ্ধে সফল৷ শেহতীয়াকৈ এক অধ্যয়নত পোহৰলৈ আহিছে এই আশাব্যঞ্জক খবৰ৷ ভাৰতৰ এই ক’ভিড ভেকচিনে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত লাভ কৰিছে সমাদৰ৷ ক্লিনিকেল ইনফেকছাছ ডিজিজে (চিআইডি) নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জী (এনআইভি) আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ সৈতে যৌথভাৱে চলোৱা এক সমীক্ষাত এই ‘মেড ইন ইণ্ডিয়া’ ক’ভিড–১৯ ভেকচিন মাৰাত্মক মহামাৰীবিধৰ পৰিৱর্তিত সকলো প্রকৰণৰ বিৰুদ্ধে সফল বুলি প্রমাণিত হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ ডাবল মিউটেণ্ট হিচাপে চিহ্ণিত বি.১.৬১৭ আৰু বি.১.১.৭ প্রকৰণৰ বিৰুদ্ধেও ক’ভাক্সিন ভেকচিন বিনাশকাৰী হিচাপে চিহ্ণিত হৈছে৷

লক্ষণীয়ভাৱে এই ক’ভাক্সিন ভেকচিনক লৈ দেশ–বিদেশৰ বিভিন্ন স্থানত শেহতীয়াকৈ অধ্যয়ন চলোৱা হৈছে৷ ব্রিটেইন আৰু ভাৰতত চিহ্ণিত হোৱা দুয়োবিধ পৰিৱর্তিত প্রকৰণৰ ক’ভিড–১৯ ভাইৰাছক বিনাশ কৰাৰ ক্ষেত্রত ক’ভাক্সিন সফল হোৱা বুলি ব্রিটেইনৰ গৱেষকেও ঘোষণা কৰিছে৷ ব্রিটেইনৰ এখন জার্নালত ইতিমধ্যে এই কথা সবিস্তাৰে প্রকাশ পাইছে৷

লক্ষণীয়ভাৱে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষবর্ধনে পূর্বেই ক’ভাক্সিন ভেকচিনে ক’ৰোনাৰ ডাবল মিউটেণ্ট প্রকৰণৰ বিৰুদ্ধে সফলতা লাভ কৰিব বুলি ঘোষণা কৰিছিল৷ আনকি ব্রিটেইনত চিহ্ণিত হোৱা প্রকৰণকো ক’ভাক্সিনে বিনাশ কৰিব বুলি মন্ত্রীগৰাকীয়ে পূর্বেই আশা প্রকাশ কৰিছিল৷ ক’ভাক্সিন ভেকচিন ক’ৰোনাৰ পৰিৱর্তিত অতি সংক্রমক প্রকৰণক বিনাশ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশে এই ভেকচিনবিধ বিচাৰি ভাৰতক আবেদন জনাব পাৰে বুলি উল্লেখ কৰিছে ভাৰত বায়’টেকে৷

স্মর্তব্য যে আমেৰিকাৰ মহামাৰী ৰোগ বিশেষজ্ঞ হোৱাইট হাউছৰ প্রধান চিকিৎসা পৰামর্শদাতা এণ্টনী ফাউছিয়ে ইয়াৰ পূর্বেই ভাৰতৰ ক’ভিড ভেকচিন ক’ৰোনাৰ বিভিন্ন প্রকৰণৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত সফল বুলি ঘোষণা কৰিছিল৷ তিনিওটা চিকিৎসা সংস্থাৰ শেহতীয়া অধ্যয়নে এটা কথাকেই প্রতিপন্ন কৰিছে যে ভৱিষ্যতে ক’ভিড–১৯ মহামাৰীৰ বাবে যদি দেশৰ দৰব প্রস্তুত কোম্পানীসমূহে পর্যাপ্ত পৰিমাণে ক’ভাক্সিন ভেকচিন প্রস্তুত কৰিবলৈ সক্ষম হয়, তেন্তে ভাৰত ভবাতকৈ পূর্বে ক’ৰোনামুক্ত হ’বলৈ সক্ষম হ’ব৷

RELATED ARTICLES