peepl-small

ক’ৰোনাকালত ভাৰাক্রান্ত ন্যায়ালয়; ৰাজ্যৰ আদালতত ৩.৬৭ লাখ নিষ্পত্তিবিহীন গোচৰ

PUBLISHED:

গুৱাহাটীঃ   ক’ভিডসৃষ্ট পৰিৱেশে ৰাজ্যৰ সমাজ ব্যৱস্থালৈ মাতি অনা দুর্যোগৰ মাজতে প্রভাৱান্বিত কৰিছে ন্যায়পালিকাকো৷ ক’ভিডৰ গুৰুতৰ সংক্রমণে বিগত বর্ষৰ পৰা আদালতৰ কাম–কাজসমূহ প্রায় স্থবিৰ কৰি তোলাৰ বাবেই নিষ্পত্তিবিহীন গোচৰেৰে ভাৰাক্রান্ত হৈ পৰিছে ন্যায়পালিকা৷ ৰাজ্যৰ আদালতে আদালতে এতিয়া গোচৰৰ দ’ম৷ ৰাজ্যৰ জিলা আদালতসমূহত সম্প্রতি নিষ্পত্তিবিহীনভাৱে পৰি আছে ৩,৬৭,১৬২টা গোচৰ৷ ইয়াৰে দেৱানী গোচৰৰ সংখ্যা হৈছে ৭৯,৪৬২টা৷

আনহাতে, বিভিন্ন আদালতত বিচাৰাধীন হৈ আছে ২,৮৭,৭০০টা ফৌজদাৰী গোচৰ৷ নেচনেল জুডিচিয়েল ডাটা গ্রিডৰ তথ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়তো নিষ্পত্তিবিহীনভাৱে বিচাৰাধীন হৈ আছে বৃহৎসংখ্যক গোচৰ৷ উক্ত গ্রিডত উল্লিখিত তথ্য অনুসৰি গুৱাহাটী হাই ক’টত সম্প্রতি ৰুজু হৈ থকা গোচৰৰ সংখ্যা হৈছে ৫৩,১১৩টা৷ ইয়াৰে ৪৩,০৭৮টা দেৱানী গোচৰ আৰু ১০,০৩৫টা ফৌজদাৰী গোচৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রিন্সিপাল ছীটত বিচাৰাধীন হৈ আছে ৪৮,৯৬০টা গোচৰ৷ নেচনেল জুডিচিয়েল ডাটা গ্রিডত উল্লেখ কৰা তথ্য অনুসৰি অসমৰ মুঠ গোচৰসমূহৰ ভিতৰত ৩০ বছৰতকৈ অধিক কাল বিচাৰাধীন হৈ থকা গোচৰৰ সংখ্যা হৈছে ২৯টা৷ সেইদৰে ২০ৰ পৰা ৩০ বছৰ পুৰণি গোচৰৰ সংখ্যা হৈছে ২৭৭টা৷

আনহাতে ১০ৰ পৰা ২০ বছৰ পুৰণি ৪,০০৬টা, ৫–১০ বছৰ পুৰণি ৩৯,১৯৪টা, ৩–৫ বছৰ পুৰণি ৫৩,৯৫৪টা, ১–৩ বছৰ পুৰণি ১,৪০,৬১৯টা আৰু এবছৰ পুৰণি ১,২৯,০৮৩টা গোচৰ সম্প্রতি বিভিন্ন আদালতত ৰুজু হৈ আছে৷ একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা গোচৰসমূহৰ ভিতৰত এবছৰ পুৰণি গোচৰৰ সংখ্যা হৈছে ১৩,৫২৮টা৷ ১–৩ বছৰ পুৰণি ২০,৮৮৪টা, ৩–৫ বছৰ পুৰণি ১০,০০৪টা, ৫–১০ বছৰ পুৰণি ৭,৭১১টা, ১০–২০ বছৰ পুৰণি ৯৭৩টা, ২০–৩০ বছৰ পুৰণি ১৩টা গোচৰ বিচাৰাধীন হৈ আছে৷ উল্লেখ্য যে গোচৰ অনুপাতে আদালত আৰু বিচাৰপতিৰ অভাৱৰ বাবেই গোচৰ নিষ্পত্তি প্রক্রিয়াত যথেষ্ট লেহেমীয়া হোৱা বুলি দীর্ঘদিনে অভিযোগ উত্থাপন হৈ আহিছে৷

আনকি অৱসৰপ্রাপ্ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েও কেইবাবাৰো দেশত বছৰ বছৰ ধৰি নিষ্পত্তিবিহীনভাৱে পৰি থকা গোচৰসমূহক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছিল৷ আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ নিষ্পত্তিবিহীনভাৱে পৰি থকা গোচৰৰ চিন্তাই নিশা সাৰ পোৱাৰ পাছতো মনত জুমুৰি ধৰিছিল বুলি প্রকাশ কৰিছিল৷ তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হৈ থকা সময়ত উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশসকলৰ সৈতে বার্তালাপ কৰি বছৰ বছৰ ধৰি পৰি থকা গোচৰসমূহ নিষ্পত্তি কৰি কিদৰে ন্যায়পালিকাৰ গোচৰৰ ভৰ হ্রাস কৰিব পৰা যায়, সেই সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিবলৈও নির্দেশ দিছিল৷ পৰৱর্তী সময়ত বিশেষকৈ উচ্চ ন্যায়ালয়সমূহে গোচৰ নিষ্পত্তি প্রক্রিয়া ক্ষিপ্রতৰ কৰি তোলাৰ ব্যৱস্থা লৈছিল৷ অৱশ্যে বিগত বছৰৰ পৰা ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে ন্যায়পালিকায়ো স্থবিৰ হৈ পৰিছে৷ বিগত বর্ষটোৰ অধিকাংশ সময় ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ আদালতসমূহৰ কাম–কাজ প্রায় স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছিল৷

ভিডিঅ’ কনফাৰেঞ্চিংযোগে কেতবোৰ বিশেষ আৰু জৰুৰীকালীন গোচৰৰ শুনানিহে আদালতসমূহৰ লগতে উচ্চ ন্যায়ালয়ে গ্রহণ কৰিছিল৷ শেহতীয়াকৈ ক’ভিডৰ দ্বিতীয় ঢ়ৌৱে পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতে পুনৰ স্থবিৰ হৈ পৰিছে আদালতসমূহৰ কাম–কাজ৷ বর্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়মীয়া কাম–কাজ সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ ইয়াৰ পৰিৱর্তে নির্বাচিত গোচৰসমূহৰ শুনানি ভিডি’ কনফাৰেঞ্চিংযোগে গ্রহণ কৰি আহিছে ন্যায়ালয়ে৷ অৱশ্যে ক’ভিডসৃষ্ট পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন গোচৰত প্রদান কৰা অন্তর্ৱর্তীকালীন নির্দেশনা আৰু অন্তর্ৱর্তীকালীন জামিনৰ ম্যাদ ১৫ জুনলৈ বৃদ্ধি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এনেদৰে ন্যায়ালয় আৰু আদালতসমূহৰ কাম–কাজ প্রায় বন্ধ হৈ পৰাৰ ফলত পুনৰ গোচৰসমূহৰ নিষ্পত্তি প্রক্রিয়াটো বিলম্ব ঘটা পৰিলক্ষিত হৈছে৷

বিশেষকৈ নিম্ন আদালতসমূহৰ গোচৰসমূহত সাক্ষ্য গ্রহণকে ধৰি বিভিন্ন প্রক্রিয়া প্রায় বন্ধ হৈ আছে৷ আনহাতে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে আদালতসমূহৰ কাম–কাজ সম্পূর্ণ ৰূপে বন্ধ হৈ পৰাত হাহাকাৰৰ সৃষ্টি হৈছে অধিবক্তা সমাজৰ মাজত৷ দীর্ঘদিনে আদালতৰ কাম–কাজ বন্ধ হৈ থকাৰ বাবে অধিবক্তাসকল আর্থিক অসুবিধাৰ সন্মুখীন হৈছে৷ বিগত বর্ষত অধিবক্তাসকলক আর্থিকভাৱে সহায় কৰিবলৈ কেইবাটাও অধিবক্তা সংগঠনে ৰাজ্য চৰকাৰৰ লগতে উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ জিলা আদালত, উচ্চ ন্যায়ালয়ৰ লগতে বিদেশী ন্যায়াধিকৰণসমূহত্ বিচাৰাধীন হৈ আছে বৃহৎসংখ্যক গোচৰ৷ ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত্ ওলমি ৰৈছে ১,৪০,০৫০জন লোকৰ ভাগ্য৷ সম্প্রতি এই বৃহৎসংখ্যক গোচৰ বিদেশী ন্যায়াধিকৰণৰসমূহ্ ৰুজু হৈ থকা তথ্য শেহতীয়াকৈ লোকসভাৰ মজিয়াত প্রকাশ কৰিছিল কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷

RELATED ARTICLES