peepl-small

ক’পেনহেগেনৰ সমীপত নির্মাণ হ’ব কৃত্রিম দ্বীপঃ হ’ব ৪০০ ফুটবল পথাৰৰ সমান

PUBLISHED:

গুৱাহাটীঃ জলবায়ু পৰিৱর্তনৰ ফলশ্রুতিত সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে অশনি সংকেত নমাই অনা ক’পেনহেগেন বন্দৰ সুৰক্ষা কৰাৰ লক্ষ্যৰেই এটি বিশাল কৃত্রিম দ্বীপ নির্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছে ডেনমার্ক সংসদে৷

৪০০ ফুটবল খেলপথাৰৰ সমান এই কৃত্রিম দ্বীপটোত থাকিব ৩৫ হাজাৰ লোকৰ বাসৰ বাবে গৃহ৷ দ্বীপটোৰ নামকৰণ কৰা হৈছে লিনেটেহল৷ এই দ্বীপটো মূল ভূমিৰ সৈতে ৰিং ৰোড, সুৰংগ আৰু এটা মেট্র’ লাইনেৰে সংযুক্ত হৈ থাকিব৷ সাগৰীয় ঘূর্ণীৰ লগতে বর্ধিত জলপৃষ্ঠৰ পৰা সুৰক্ষিত কৰি ৰখাৰ পৰিকল্পনাৰে নির্মাণ কৰিবলগীয়া এই দ্বীপটো ৪০০ ফুটবল খেলপথাৰৰ সমান হ’ব৷ এই বিশাল পৰিমাণৰ সাগৰীয় ঠাই পুতিবলৈ হ’লে ৮০ নিযুত টন মাটিৰ প্রয়োজন হ’ব৷ ডেনমার্ক চৰকাৰৰ কৃত্রিম দ্বীপ নির্মাণৰ পৰিকল্পনাটোক প্রকৃতিপ্রেমীসকলে বিৰোধ কৰিলেও চৰকাৰখনে পৰিকল্পনা আগবঢ়াই নি সংসদত অনুমোদন জনালে৷

তাৎপর্যপূর্ণ যে এই কৃত্রিম দ্বীপটোৰ নির্মাণ ২০৭০ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷ ডেনমার্ক সংসদত ৮৫–১২ ফুটৰ ব্যৱধানৰ দ্বীপ নির্মাণৰ পৰিকল্পনাত অনুমোদন জনোৱা হয়৷ এই সিদ্ধান্তৰ পাছতেই ক’পেনহেগেনৰ সংসদৰ ভৱনৰ বাহিৰত অসংখ্য লোকে প্রতিবাদ সাব্যস্ত কৰে৷ এই কৃত্রিম দ্বীপ নির্মাণ প্রকল্প ক’পেনহেগেনৰ ইতিহাসত বৃহত্তম আৰু ডেনমার্কৰ ইতিহাসত অন্যতম বৃহৎ আন্তঃগাঁথনি৷

লক্ষণীয় যে দ্বীপটো নির্মাণৰ ক্ষেত্রত জলবায়ু বন্ধুত্বমূলক যান–বাহনৰ লগতে সামগ্রী ব্যৱহাৰ কৰা হ’ব বুলি চৰকাৰৰ সূত্রত প্রকাশ৷

RELATED ARTICLES