peepl-small

নিঃশেষ হোৱাৰ পথত অভিভাৱকহীন কংগ্রেছ

PUBLISHED:

গুৱাহাটীঃ  অসমত নিঃশেষ হোৱাৰ পথত কংগ্রেছ দল৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনত দলটোৱে শোচনীয়ভাৱে বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছতেই সম্প্রতি ৰাজ্যখনত কংগ্রেছৰ অস্তিত্ব ৰক্ষাই নতুন প্রত্যাহ্বান হিচাপে দেখা দিছে৷ নির্বাচনী ফলাফল প্রকাশৰ পাছতেই ৰাজ্যখনত কংগ্রেছ দল অভিভাৱকহীন হৈ পৰে৷ নির্বাচনী ফলাফল প্রকাশৰ দিনাই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই পদত্যাগ কৰে৷ এইক্ষেত্রত দলৰ শীর্ষ নেতৃত্বই দুর্যোগৰ মুহূর্তত দলীয় নেতা–কর্মীসকলক মানসিক সাহস দিবলৈ যি পদক্ষেপ গ্রহণ কৰিব লাগিছিল, তাৰ পৰিৱর্তে নির্বিকাৰ ভূমিকা গ্রহণ কৰাত স্বাভাৱিকতে দলৰ ভৱিষ্যতক লৈ ইজনৰ পাছত সিজন নেতা সন্দিহান হৈ পৰাই নহয়, শংকিতও হৈ পৰিছে৷

ইতিমধ্যে ইয়াৰ প্রভাৱ পৰা দেখা গৈছে দলটোত৷ সম্প্রতি ৰাজ্যখনত কংগ্রেছ দল যি পথেৰে অগ্রসৰ হৈছে আৰু হাইকমাণ্ডৰ নির্বিকাৰ স্থিতি দেখি ইজনৰ পাছত সিজন নেতাই গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হৈ পৰিছে৷ কালি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে সাজু হোৱাৰ দিনটোতেই গুৱাহাটী মহানগৰ জিলা কংগ্রেছৰ সভানেত্রী জুৰি শর্মা বৰদলৈয়েও আনুষ্ঠানিকভাৱে কংগ্রেছ ত্যাগ কৰে৷

শেহতীয়াকৈ কংগ্রেছৰ আন দুগৰাকী বিধায়কৰ লগতে প্রদেশ কংগ্রেছৰ তিনিগৰাকী সাধাৰণ সম্পাদক, সম্পাদক, বহুকেইগৰাকী প্রাক্তন বিধায়ক, বিভিন্ন জিলাৰ কংগ্রেছ নেতা–কর্মীয়ে বিজেপিলৈ যোৱাৰ মন মেলিছে৷ সেইসকলে ইতিমধ্যে গেৰুৱা দলটোৰ বিভিন্ন পর্যায়ৰ নেতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷

কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, দলটোৰ বর্তমানৰ উজনি অসমৰ এগৰাকী আৰু বৰাক উপত্যকাৰ এগৰাকী বিধায়ক বিজেপিত যোগদানৰ বাবে সাজু হৈছে৷ দুয়োগৰাকী বিধায়কে গেৰুৱা দলটোৰ সৈতে পূর্ণ যোগাযোগত আছে৷ আনকি এই কথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও স্বীকাৰ কৰিছে৷ নিজ সমষ্টি পাটাছাৰকুছিত সংবাদ মাধ্যমৰ আগত সেই বিষয়ে উল্লেখ কৰি কয় যে কংগ্রেছৰ বহুকেইজন বিধায়কে অনাগত দিনত বিজেপিলৈ আহিব৷ বৰাকৰ এজন বিধায়কে আজি পুৱা তেওঁৰ কার্যালয়লৈ আহি বিজেপিত যোগ দিয়াৰ বাবে আগ্রহ ব্যক্ত কৰিছে৷ কংগ্রেছৰ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, বর্তমানৰ প্রদেশ কংগ্রেছৰ তিনিগৰাকী সাধাৰণ সম্পাদক, তিনিগৰাকী সম্পাদকৰ উপৰি বহুকেইগৰাকী প্রাক্তন বিধায়ক, কেইবাখনো জিলাৰ জিলা পর্যায়ৰ একাংশ নেতাই বিজেপিত যোগদানৰ বাবে সাজু হৈ আছে৷ যিকোনো মুহূর্ততে সেইসকল কংগ্রেছ নেতাই দলত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিব৷

সূত্রটোৰ মতে, অহা সোমবাৰে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুর্মী, প্রদেশ কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক পংকজ বৰবৰা আদিৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ সম্ভাৱনা আছে৷ ইয়াৰ পাছতেই কংগ্রেছৰ এক বৃহৎ অংশই বিজেপিত যোগদান সম্পর্কত অহা ২৪ জুনৰ ভিতৰত চূড়ান্ত হোৱাৰ কথা৷ আনকি শেহতীয়াকৈ কংগ্রেছ এৰি বিজেপিত যোগদানৰ বাবে মন মেলা নেতাসকলৰ ভিতৰত কেইদিনমান পূর্বে এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙলৈ পত্র লিখা ১০ জ্যেষ্ঠ কংগ্রেছীৰ মাজৰো এজন নেতা আছে বুলি জানিব পৰা গৈছে৷ মূলতঃ নির্বাচনী ফলাফল প্রকাশৰ এমাহ পাছতো দলীয় মঞ্চত নির্বাচনী বিপর্যয় সম্পর্কত কোনো পর্যালোচনা অনুষ্ঠিত নকৰা, প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ পদত্যাগৰ পাছতো নতুন সভাপতি নিয়োগ নকৰা, হাইকমাণ্ডৰ নির্বিকাৰ স্থিতি আদিৰ বাবেই দলটোৰ নেতাসকলৰ মোহভংগ ঘটিছে৷

বিধায়ক ৰূপজ্যোতি কুর্মীৰ পদত্যাগৰ পাছত সেইসকল নেতায়ো এতিয়া ৰূপজ্যোতিৰ পদাংক অনুসৰণ কৰিবলৈ সাজু হৈছে৷ নির্বাচনী বিপর্যয়ৰ পাছতে দলৰ সাংগঠনিক ক্ষেত্রতো বিপর্যয় নামি অহাত একপ্রকাৰ দিক্–বিদিক হেৰুৱাই পেলাইছে কংগ্রেছ নেতৃত্ব৷ দুদিনমান পূর্বে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ৰিপুণ বৰা, দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন, আব্দুল খালেক, প্রদ্যুৎ বৰদলৈ আদিকে ধৰি নির্দিষ্ট কেইগৰাকীমান নেতাৰ লগত ভিডিঅ’ কনফাৰেঞ্চযোগে মত বিনিময় কৰি দায়িত্ব সামৰা কার্যই যেন জ্বলা জুইত ঘিউহে ঢালিলে৷ সিঙৰ সেই ভিডি’ কনফাৰেঞ্চৰ পাছতেই দলটোৰ ইজনৰ পাছত সিজন নেতা অধিক হতাশ হৈ পৰিছে৷

আনহাতে দলত শেহতীয়াকৈ উদ্ভৱ হোৱা অস্তিত্বৰ সংকটৰ পৰিপ্রেক্ষিতত শনিবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ গুৱাহাটীস্থিত বাসভৱনত বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, এ আই চি চিৰ সম্পাদক ভূপেন কুমাৰ বৰা, সাংসদ আব্দুল খালেক, প্রাক্তন সাংসদ দ্বিজেন শর্মা আদিয়ে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ বৈঠকখনত বর্তমানৰ সংকটৰ পৰা দলটোক কেনেদৰে উদ্ধাৰ কৰিব পাৰি, সেই সম্পর্কে আলোচনা কৰে৷

দলীয় সূত্রটোৰ পৰা জানিব পৰা মতে, সেই বৈঠকতো একাংশই এইবাৰ বিধানসভা নির্বাচনত দলীয় প্রার্থী বাছনিৰ ক্ষেত্রত একাংশ নেতাই অকর্তৃত্বশীলভাৱে হস্তক্ষেপ কৰা কার্যৰ ক্ষুৰধাৰ সমালোচনা কৰি তেনেধৰণৰ নেতাৰ বাবেই কংগ্রেছ আজি অসমত শেষ হোৱাৰ উপক্রম হৈছে বুলি প্রকাশ্যে মন্তব্য কৰে৷ ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই শেহতীয়াকৈ যোৱা ১৫ জুনত হাইকমাণ্ডলৈ প্রেৰণ কৰা এখন গোপন পত্রক লৈও কংগ্রেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি কৰিছে৷ এইবাৰ দলীয় প্রার্থী বাছনিৰ সময়ত নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে সম্পূর্ণ নিজাববীয়া তৎপৰতাৰে শিৱসাগৰ, ডিব্রুগড়, লাহোৱাল, মার্ঘেৰিটা, জাগীৰোড, লামডিং আদিকে ধৰি ১০টা সমষ্টিত প্রার্থী দিয়ে৷ আনকি আৰ জে ডিৰ লগত বুজাবুজিৰ ক্ষেত্রতো বৰদলৈয়ে আগভাগ লৈ তিনিচুকীয়া সমষ্টিটো গতাই দিয়ে৷ কিন্তু বৰদলৈয়ে নিজে দায়বদ্ধতা লৈ প্রার্থিত্ব দিয়া সেই সমষ্টিকেইটাত কোনো এজন প্রার্থীয়ে জয়ৰ মুখ দেখা নাপালে৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে নির্বাচনত দলীয় টিকট দিয়াৰ সময়ত সভাপতি বৰাৰ সমান্তৰালভাৱে সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন আদিয়ে অবাধ হস্তক্ষেপ তথা স্বজন–তোষণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ এইক্ষেত্রত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আৰু অসমৰ নির্বাচনৰ প্রার্থী বাছনিৰ দায়িত্বত থকা এ আই চি চিৰ চাৰিগৰাকী সম্পাদকৰ বিৰুদ্ধেও বিভিন্নজনে সন্দেহৰ অঙুলি টোঁৱাইছে৷ সম্প্রতি দল বিপর্যয়ৰ লগতে অস্তিত্বৰ সংকটত ভোগাৰ লগে লগে গৰিষ্ঠসংখ্যক নেতা–কর্মীৰ মুখত একেই প্রসংগ উত্থাপন হৈছে৷

RELATED ARTICLES