peepl-small

চৰকাৰ গঠনৰ লগে লগে কার্যকৰী কৰা হ’ব পাঁচ গেৰাণ্টী

PUBLISHED:

গুৱাহাটী:  প্রতিকূল বতৰৰ বাবে মঙলবাৰে নির্ধাৰিত কার্যসূচীত অংশগ্রহণ কৰিব নোৱাৰিলে নিখিল ভাৰত কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷

বোকাজান, ডিফু আৰু শিলচৰত নির্বাচনী প্রচাৰ চলোৱাৰ উদ্দেশ্যে পৰহি নিশাই আহি কংগ্রেছৰ শীর্ষনেতাগৰাকীয়ে শিলচৰত উপস্থিত হৈছিল৷ পুৱা নির্ধাৰিত স্থানসমূহত হেলিকপ্টাৰেৰে উপস্থিত হৈ তেওঁ নির্বাচনী প্রচাৰ চলোৱাৰ কথা আছিল৷ পুৱাৰে পৰা শিলচৰৰ আকাশ গোমা হৈ থকাৰ লগতে ঠায়ে ঠায়ে ধুমুহা–বৰষুণ হৈ থকাৰ ফলত অন্তিম সময়ত তেওঁৰ কার্যসূচীসমূহ বাতিল কৰা হয়৷ অৱশ্যে কার্যসূচীসমূহত অংশগ্রহণ কৰিব নোৱাৰিলেও তেওঁ সমর্থকসকলক এক ভিডিঅ’ বার্তাযোগে সম্বোধন কৰে৷ এই বার্তাটোত কয় যে কংগ্রেছ শাসনলৈ আহিলে পার্বত্য জনজাতিসমূহৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰি পুনৰ সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদ বাহাল ৰাখিব৷

ইতিমধ্যে সংবিধানৰ এই বিশেষ অনুচ্ছেদ বিজেপিয়ে প্রত্যাহাৰ কৰা কার্যক সমালোচনা কৰি তেওঁ কয়– ‘খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে ২৪৪ (এ) অনুচ্ছেদ পুনৰ ৰূপায়ণ কৰা হ’ব৷ এই অনুচ্ছেদ প্রত্যাহাৰ কৰি বিজেপিয়ে পার্বত্য জনজাতিসকলৰ সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত আক্রমণ চলাইছে৷ কংগ্রেছ চৰকাৰ আহিলে এই অনুচ্ছেদ এতিয়াও লাঘৱ হ’বলৈ দিয়া নহ’ব আৰু ইয়াৰ সকলো দফা খিলঞ্জীয়া লোকসকলৰ স্বার্থত ৰূপায়ণ কৰা হ’ব৷ তেওঁ এই অনুচ্ছেদ সন্দর্ভত কয় যে অসমৰ ভিতৰত স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ বাবে কংগ্রেছ চৰকাৰে ১৯৬৯ চনত এই অনুচ্ছেদ অন্তর্ভুক্ত কৰিছিল৷ পৰৱর্তী সময়ত ২৭৫ অনুচ্ছেদ সংশোধন কৰি এই স্বায়ত্তশাসিত ৰাজ্যলৈ পুঁজিও আগবঢ়োৱা হৈছিল৷ এই ভিডিঅ’ বার্তাটোতে তেওঁ প্রতিশ্রুতি প্রদান কৰে যে চৰকাৰ শাসনলৈ আহিলেই পাঁচটা গেৰাণ্টী পূৰণ কৰিব৷

তেওঁ কয়– ‘কংগ্রেছ দলে পাঁচ লাখ নিবনুৱাক চাকৰি, চাহ বাগিচাৰ শ্রমিকসকলৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, প্রতিগৰাকী গৃহিণীক ২ হাজাৰ টকাকৈ মাহিলি প্রদান, প্রতিঘৰ পৰিয়ালক ২০০ ইউনিটলৈকে বিজুলী ৰেহাই দিয়াৰ গেৰাণ্টী দিছে৷ সেইদৰে কংগ্রেছে চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ’বলৈ দিয়া নহ’ব৷’

উল্লেখ্য যে হাফলঙত দিনৰ ১ বজাত তেওঁ নির্বাচনী সভাত অংশগ্রহণ কৰাৰ কথা আছিল৷ বোকাজান মহকুমাৰ সৰিয়হজান খেলপথাৰত আন এখন নির্বাচনী সভাত কংগ্রেছ নেতাগৰাকী উপস্থিত হোৱাৰ কথা আছিল যদিও দুপৰীয়া হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই কার্যসূচী বাতিল কৰা হয়৷

ৰাহুল গান্ধীৰ উপৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছৰ ৰাষ্ট্রীয় নেতা জিতেন্দ্র সিংসহ বহুকেইজন নেতা উপস্থিত থকাৰ কথা আছিল৷ প্রতিকূল বতৰৰ বাবে তেওঁলোকৰ ভ্রমণ বাতিল হোৱাত বোকাজান সমষ্টিত তেওঁলোকৰ অন্তিমখন নির্বাচনী সভাত সমষ্টিটোৰ প্রার্থী ৰতন ইংতি, প্রাক্তন মন্ত্রী ছুম ৰংহাং, খৰছিং ইংতিসহ স্থানীয় নেতাসকল উপস্থিত থাকে৷

RELATED ARTICLES