peepl-small

কংগ্রেছৰ নির্বাচনী নাটকে অসমৰ দীর্ঘদিনীয়া সমস্যা সমাধান কৰিব নোৱাৰেঃ মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটীঃ নিজ সমষ্টি মাজুলীত কালিৰে পৰা মাৰাথন নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কালি সমষ্টিটোৰ ৮খন পঞ্চায়তক সামৰি দুখনকৈ সভা সম্বোধন কৰা মুখ্যমন্ত্রী সোণোৱালে প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ বৃহস্পতিবাৰে অন্তিম দিনা কৰতিপাৰ, দক্ষিণপাত নাওহালি আৰু পকাজৰাত অনুষ্ঠিত তিনিখনকৈ বিশাল জনসমাৱেশত অংশ লয়৷ ঔৱা সত্র, আউনীআটী সত্র, দক্ষিণপাট সত্র, বেঙেনাআটী সত্র আৰু উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰসকলৰ আশিস লোৱা মুখ্যমন্ত্রী সোণোৱালে জনসমাৱেশকেইখনত্ উপস্থিত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত কয় যে গণতন্ত্রত ৰাইজ হৈছে সর্বোচ্চ শক্তি৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাজুলীৰ উন্নয়নৰ বাবে যিবোৰ আঁচনি গ্রহণ কৰা হৈছে, তাৰ সুফল জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷

মাজুলীৰ মান, সন্মান আৰু স্বাভিমান ৰক্ষা কৰাটো তেওঁৰ প্রধান দায়িত্ব আৰু কর্তব্য বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়– সমষ্টিটোত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ উত্তৰণক প্রধান লক্ষ্য হিচাপে লৈ বিগত সময়ছোৱাত কাম কৰি আহিছোঁ৷ ২০১৬ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নির্বাচনী প্রচাৰৰ বাবে জেংৰাইমুখলৈ আহিছিল৷ সেইসময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া প্রতিশ্রুতি অনুসৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, আন্তঃগাঁথনি সলনি কৰাৰ বাবে দৃঢ়তাৰে কাম কৰাৰ বাবে আজি মাজুলীৰ প্রতিচ্ছবি সলনি হৈছে৷ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল মাজুলীৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছ চৰকাৰে সুদীর্ঘদিন শাসনত থাকিও আজোককাকৰ দখলত থকা মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে কোনো পদক্ষেপ নল’লে৷ কংগ্রেছৰ শাসনত মাজুলীৰ বিভিন্ন চাপৰিত বসবাস কৰা লোকসকলক মাটিৰ জৰীপ কৰি মাটিৰ পট্টা প্রদান কৰিব নোৱাৰিলে৷ ৬০ বছৰকাল কংগ্রেছে ৰাজত্ব চলাইছিল৷ কিন্তু জনসাধাৰণৰ মৌলিক সমস্যা সমাধানৰ বাবে চৰকাৰ থকা সময়ত কোনো পদক্ষেপ নল’লে৷

মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিব৷ কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, মান–সন্মান ৰক্ষা কৰিব নোৱাৰে৷ এই কথা কংগ্রেছে ক্ষমতাত থাকিও উপলব্ধি কৰিব নোৱাৰিলে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই কথা উপলব্ধি কৰি পাঁচ বছৰৰ ভিতৰতে মাজুলীৰ লগতে সমগ্র অসমৰ ভূমিৰ জৰীপ কৰি নাতিদীর্ঘ সময়ৰ ভিতৰত ৩ লাখ ৫৬ হাজাৰ খিলঞ্জীয়া ভূমিপুত্রক মাটিৰ পট্টা প্রদান কৰিলে৷ ৰাহুল গান্ধীয়ে অসমৰ সমস্যা গমেই নাপায় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এইসকল লোক মাত্র নির্বাচনৰ সময়তহে অসমলৈ আহে আৰু মিছা কথা কয়৷ প্রিয়ংকা গান্ধীয়ে ৩০ ছেকেণ্ডো চাহ বাগিচাত নাথাকিলে৷ পাত দুটামান তুলি ফটো উঠি জনসাধাৰণক দেখুৱালে৷ কংগ্রেছৰ এই নির্বাচনী নাটকখনে অসমৰ দীর্ঘদিনীয়া সমস্যা সমাধান কৰিব নোৱাৰে৷

বিজেপিয়ে নাটক নকৰে, কাম কৰে৷ কংগ্রেছে কাম নকৰে বাবে তেওঁলোকৰ ১৫ বছৰীয়া শাসনকালত মাজুলীত মাত্র ১৭ কিলোমিটাৰ পকী ৰাস্তা নির্মাণ হৈছিল৷ বিজেপিৰ কার্যকালত ৫৪০ কিলোমিটাৰ ৰাস্তা নির্মাণ হ’ল৷ ১০০ কিলোমিটাৰ ৰাস্তা ইতিমধ্যে অনুমোদন হৈ আছে৷ নির্বাচন শেষ হোৱাৰ লগে লগে ৰাস্তাৰ কাম আৰম্ভ হ’ব৷ মাজুলীৰ দলং নহ’ব বুলি কংগ্রেছে অপপ্রচাৰ চলাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছে কাম কৰিব নোৱাৰা বাবে সমালোচনা কৰে৷ সমাজখনক গুৰুত্ব নিদিয়া বাবে কংগ্রেছে কাম কৰিব নোৱাৰিলে৷ কংগ্রেছে মাত্র দালালৰ সৃষ্টি কৰিলে৷ হিতাধিকাৰীক ধন প্রদানৰ নামত পইচা তুলিলে৷ কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰে প্রতিটো জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ এইখন চৰকাৰৰ দিনত প্রতিটো জনগোষ্ঠীয়ে মিলা–প্রীতিৰে বসবাস কৰিছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম একাকাৰ হৈছে৷ পূর্বতে কংগ্রেছৰ দিনত গোষ্ঠী, ভাষা, ধর্মৰ নামত সংঘাতৰ সৃষ্টি কৰি নিকৃষ্ট ৰাজনীতিৰে সমাজখনত অৰাজকতাৰ সৃষ্টি কৰিছিল৷ সমাজখনৰ বহু নিৰীহ লোকক মৃত্যুমুখলৈ ঠেলি দিছিল৷ কিন্তু বিজেপিৰ শাসনকালত এটাও গোষ্ঠীসংঘর্ষ হোৱা নাই৷ এজনো নিৰীহ লোকে মৃত্যুক সাবটিবলগীয়া নহ’ল৷ এয়া হৈছে সমন্বয়ৰ জ্বলন্ত উদাহৰণ৷ মিলা–প্রীতিৰে থকাৰ সুফল৷ আজি অসমৰ প্রতিটো জনগোষ্ঠী ঐক্যবদ্ধ হৈছে৷ তেওঁ পুনৰ কয় যে মাজুলীক বিশ্বৰ ভিতৰত গুৰুত্বপূর্ণ স্থান হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰখনৰ লক্ষ্য আছে৷

আগন্তুক দিনত মাজুলীৰ উন্নয়নৰ বাবে যিবোৰ অনুষ্ঠান–প্রতিষ্ঠানৰ্ প্রয়োজন হ’ব, সেয়া গঢ়ি তোলা হ’ব৷ কৃষকৰ উৎপাদিত সামগ্রী যাতে কোনো কাৰণতে বেয়া হৈ নাযায় তাৰ বাবে আগন্তুক দিনত মাজুলীত শীতল ভঁৰাল স্থাপন কৰা হ’ব৷ বনৰীয়া হাতীয়ে উপদ্রৱ কৰা ঠাইত টাৱাৰ নির্মাণ কৰা হ’ব৷ গৰাখহনীয়াত ভূমি, ঘৰ–বাৰী হেৰুৱাবলগীয়া হোৱা লোকক সংস্থাপনৰ বাবে পাঁচ লাখ টকাকৈ আগবঢ়োৱাৰ তেওঁ প্রতিশ্রুতি দিয়ে৷ উল্লেখ্য যে দক্ষিণপাট, বনগাঁও ৰাৱনাপাৰ আৰু ৰতনপুৰ গায়নগাঁও পঞ্চায়তক সামৰি দক্ষিণপাটত অনুষ্ঠিত হোৱা জনসমাৱেশত অগপৰ সভাপতি ফণীধৰ টাহু, গণশক্তিৰ মাজুলী জিলা সমিতিৰ সভাপতি ৰণজিত দলে, বিজেপিৰ মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুম আদিয়ে অংশগ্রহণ কৰে৷ জনসমাৱেশখনত জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই ৰাজনৈতিক ভাষণৰ মাজে মাজে গীত পৰিৱেশন কৰি মুখ্যমন্ত্রী সোণোৱালক বিপুল ভোটত দ্বিতীয়বাৰলৈ জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ অসম প্রদেশ বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী অপৰাজিতা ভূঞা, মাজুলী বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী ৰূপা কামান, ১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই জনসমাৱেশখনত ভাষণ প্রদান কৰে৷ মন কৰিবলগীয়া যে আজি উক্ত তিনিওখন জনসমাৱেশত অংশ লোৱাৰ উপৰি মুখ্যমন্ত্রী সোণোৱালে মাজুলীৰ সদৰ গড়মূৰস্থিত কমলৰ হোটেলত নিমকি আৰু পেৰাৰে চাহৰ জুতি লয়৷

RELATED ARTICLES