peepl-small

গেৰাণ্টি নিটিকিল যাৰ বাবে দোষ ঠেলিলে জাতীয় পৰিষদ আৰু ৰাইজৰ দললৈ কংগ্ৰেছে

PUBLISHED:

গুৱাহাটীঃ  বিধানসভা নিৰ্বাচনত পৰাজয় স্বীকাৰ কংগ্ৰেছৰ। লগতে বিৰোধী পক্ষৰ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কংগ্ৰেছৰ। লগতে অসম জাতীয় পৰিষদৰ বাবে বিজেপিৰ জয় সহজ হ’ল বুলি কংগ্ৰেছ দলে অভিযোগ কৰে।

এক সংবাদ মেল যোগে এই অভিযোগ কৰে দলটোৱে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে মহাজোঁটে হেৰুৱালে ১০খন আসন বুলি মন্তব্য কৰে কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ। প্ৰয়োজন হ’লে চৰকাৰক সহায় কৰিম অন্যাথা অন্যায় দেখিলে মাত মাতিম বুলি ঘোষণা কৰে কংগ্ৰেছে। ৫ টা গেৰাণ্টি লৈ ৰাইজৰ ওচৰলৈ গৈছিলো কিন্তু ৰাইজে যি জনাদেশ দিলে সেইটো মানি লৈছো বুলি কয় আৰু কংগ্ৰেছৰ পৰাজয়ৰ বাবে নিজে দায় পাতি লয় কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। লগতে নতুন চৰকাৰক শুভেচ্ছা জনালো কংগ্ৰেছ নেতৃত্বই।

RELATED ARTICLES