peepl-small

হৰ্ছ ট্ৰেডিঙৰ আশংকাঃ দিচাঙত আশ্ৰয় মহাজোঁটৰ প্ৰাৰ্থীৰ

PUBLISHED:

গুৱাহাটীঃ হৰ্ছ ট্ৰেডিঙৰ ভয়ত কংগ্ৰেছে আশ্ৰয় লৈছে হোটেল ৰাজনীতিৰ। বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা সোণাপুৰৰ দিচাং ৰিজ’ৰ্টলৈ মহাজোঁটৰ প্ৰাৰ্থীৰ সোঁত বয়। প্ৰথমে উপস্থিত হয় জালুকবাৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী ৰমেন বৰঠাকুৰ। কোনোবাই কোটি টকা দি কিনাৰ ভয়ত ৰিজ’ৰ্টলৈ ঢাপলি মেলে ৰমেন বৰঠাকুৰে।

একেদৰে জিকাৰ পিছত কোনোবাই কিনি লয় বুলি ৰিজ’ৰ্ট পালেহি মনজিত মহন্ত। মুখ্যমন্ত্ৰী হ’বলৈ সাজু বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে সাংস্কৃতিক মন্ত্ৰী হ’বৰ বাবে প্ৰস্তুতি চলাইছে অজয় ফুকনে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই জনোৱা অনুসৰি কংগ্ৰেছৰ ৬৫জন প্ৰাৰ্থী ৰিজ’ৰ্টখনত উপস্থিত হৈছে। দুই-এদিনতে উপস্থিত হ’ব এআইইউডিএফৰ প্ৰাৰ্থীসকলো।

RELATED ARTICLES