peepl-small

পাগলাদিয়াৰ সোঁতে ভাঙিলে পকী দলং–উটুৱাই নিলে ৬জনকৈ শ্রমিকক

PUBLISHED:

গুৱাহাটীঃ  নলবাৰীৰ সন্ধাত পাগলাদিয়া নৈৰ ওপৰত থকা নির্মীয়মাণ পকী দলঙত শনিবাৰে ঘটিল এক অঘটন৷ নলবাৰী চহৰৰ পৰা সন্ধা–কৈৰাৰা হৈ ৰাষ্ট্রীয় ঘাইপথ সংলগ্ন এন টি ৰোডৰ পাগলাদিয়া নৈৰ ওপৰত নির্মীয়মাণ দলংখনৰ মাজৰ ছাইড গ্রেডিং শনিবাৰে পাগলাদিয়া নৈৰ প্রবল সোঁতে খহাই নিয়া ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ইয়াৰে নির্মাণৰত পকী দলঙৰ এটা অংশ ভাগি নৈত ছয়গৰাকীকৈ কর্মৰত শ্রমিক উটি যোৱাত তীব্র হাহাকাৰ সৃষ্টি হয়৷ পাছত কথমপি প্রাণৰক্ষা পৰা আহত শ্রমিককেইজনক উদ্ধাৰ কৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়৷

চিকিৎসালয়ত ভর্তি হোৱা আহত শ্রমিককেইজন বৰপেটা আৰু ধুবুৰী জিলাৰ ক্রমে তমচেৰ আলী (২৫) ৰাকিবুল ইছলাম (১৮), ৰহিজুদ্দিন (১৮), হাফিজুৰ (১৯), ৰাজিবুল খান (২০) আৰু জাহিদুল (২২)৷

উল্লেখ্য যে সন্ধাৰ পাগলাদিয়া নৈৰ ওপৰত চলি আছে পকী দলঙৰ কাম৷ ঠিকাদাৰ পাপ্পু আগৰৱালাই লেহেমীয়া গতিত কাম কৰাৰ অভিযোগ চলি অহাৰ মাজতে পাগলদিয়া নৈৰ পানী বঢ়াৰ লগে লগে আজি এই ঘটনাটো সংঘটিত হয়৷ অভিযোগ অনুসৰি, ঠিকাদাৰগৰাকীয়ে নিম্নমানৰ কাম কৰাৰ ফলতে শনিবাৰৰ এই ঘটনাটো সংঘটিত হৈছে৷

ইপিনে শনিবাৰৰ এই ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে৷ যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থপ্রতিম শর্মা, সাধাৰণ সম্পাদক কৌশিক বর্মনসহ সংগঠনটোৰ কেন্দ্রীয় প্রচাৰ সম্পাদক ব্রজেন চৌধুৰী, জিলা সমিতিৰ উপদেষ্টা মনোৰাম কলিতা, নিৰোদ দাস, সাংগঠনিক সম্পাদক মনজিৎ বর্মন, দীপজ্যোতি কলিতাৰ নেতৃত্বত এটা সঁজাতী দলে পৰিস্থিতিৰ বুজ লৈ নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীক এখন স্মাৰক–পত্রযোগে সমগ্র ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ দাবী কৰে৷ প্রায় চাৰি বছৰ পূর্বে গুৱাহাটীৰ পাপ্পু আগৰৱালা নামৰ ঠিকাদাৰজনে দলংখনৰ নির্মাণৰ বিভাগীয় নিবিদা লাভ কৰিছিল যদিও অতি লেহেমীয়া আৰু যথেষ্ট আসোঁৱাহপূর্ণভাৱে দলংখনৰ নির্মাণক লৈ ইতিমধ্যে কেইবাবাৰো যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ঠিকাদাৰ পক্ষক অভিযোগ দি আহিছিল যদিও সংষ্টি ঠিকাদাৰে নিজৰ খেয়াল–খুচি মতে নির্মাণ চলাই থকাৰ ফলতে   এই ঘটনা সংঘটিত হ’ল বুলি সংগঠনটোৱে ক্ষোভ প্রকাশ কৰে৷

উল্লেখ্য যে দুবছৰ পূর্বে এই নির্মীয়মাণ দলংখনৰ এটা খুঁটা নৈৰ বুকুত জাহ যোৱাত নলবাৰীত বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছিল৷  এই ঘটনাই পুনৰ দলংখনৰ নির্মাণৰ ক্ষেত্রত যে চূড়ান্ত গাফিলতি হৈছে, কার্যতঃ তাৰেই প্রতিফলন হোৱা বুলি যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে তীব্র বিষোদগাৰ প্রকাশ কৰে৷ সম্প্রতি নলবাৰী চহৰৰ পৰা ৰাষ্ট্রীয় ঘাইপথ সংযোগী আটাইকেইটা মুখ্য পথতে নির্মাণৰ কাম চলি থকাৰ পৰিপ্রেক্ষিতত যাতায়াতৰ ক্ষেত্রত নলবাৰীবাসীয়ে চৰম নৰক যাতনা ভুগি থকাৰ সময়তেই একাংশ ঠিকাদাৰে নিজৰ ৰাজনৈতিক প্রভাৱ খটুৱাই একোটা নিবিদাৰ কাম সম্পূর্ণ কৰাৰ ম্যাদ কিদৰে বৃদ্ধি কৰি কাম কৰি আছে, তাক লৈও স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে৷

ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র ঘটনাৰ ওপৰত কি ব্যৱস্থা লয়, তাক লৈ সমগ্র ৰাইজে গভীৰ প্রত্যশাৰে বাট চাইছে৷ সংশ্লিষ্ট ঠিকাদাৰ বা দলংখনৰ নির্মাণৰ লগত জডিত বিভাগীয় বৰমূৰীয়াসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ আৰু ক্ষিপ্রতাৰে নলবাৰী চহৰৰ পৰা ৰাষ্ট্রীয় ঘাইপথলৈ যোৱা সমূহ পথৰ নির্মাণৰ কাম সম্পূর্ণ কৰাৰ বাবে যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে দাবী জনোৱাৰ লগতে দলঙৰ পৰা পৰি আহত হোৱা প্রতিজন শ্রমিকক সাহায্য প্রদান কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়৷

RELATED ARTICLES