peepl-small

বিদ্যুৎ চুৰি কৰা, বিল নিদিয়াসকলৰ বাবেই সৎ গ্ৰাহকে ভৰিবলগীয়া হয় অধিক মাচুল

PUBLISHED:

গুৱাহাটীঃ বিদ্যুৎ চুৰি আৰু মাচুল অনাদায়ৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এ পি জি চি এল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এ ই জি চি এল)।
সোমবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শক্তি বিভাগে ৰাজ্যখনত যিমান গ্রাহকক বিদ্যুৎ যোগান ধৰে, তাৰ বিপৰীতে প্রতিমাহে ৩০০ কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে৷ বিদ্যুৎ চুৰি, প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে৷
ড০ শর্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নির্ধাৰিত হয়৷ যদি কোনো গ্রাহকে প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়ে, বিদ্যুৎ পৰিষদে সেই বোজা সর্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে৷
তেনে অৱস্থাত বিদ্যুৎ পৰিষদে অসম বিদ্যুৎ নিয়ামক আয়োগক তেওঁলোকৰ লোকচানৰ বিষয়ে অৱগত কৰি লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়৷ ফলত নিয়মিত ৰূপত বিদ্যুৎ বিল আদায় দি অহা সৎ গ্রাহকসকলে চুৰি কৰা আৰু বিল আদায় নিদিয়া গ্রাহকসকলৰো বিদ্যুতৰ বিল আদায় দিবলগীয়াত পৰে৷ অর্থাৎ বিদ্যুৎ চুৰি আৰু প্রকৃত বিদ্যুতৰ বিল আদায় নিদিয়াসকলৰ বাবেই বিদ্যুৎ মাচুলৰ নিৰিখ বৃদ্ধি পায়৷
বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই এ পি ডি চি এলক বিদ্যুৎ বিল পৰিশোধ নকৰা গ্রাহকসকলৰ এটা প্রফাইল প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ এই সংক্রান্তত চিমেণ্ট কোম্পানী আৰু অন্যান্য গুৰুত্বপূর্ণ গ্রাহকসকলৰ এখন তালিকা প্রস্তুত কৰি তেওঁলোকৰ উৎপাদন বা সেৱাসমূহৰ জি এছ টি ৰিটার্ন আৰু বিদ্যুতৰ বিলৰ সৈতে মিলাবলৈ নির্দেশ দিয়ে৷ এই কার্যই ব্যৱহূত বিদ্যুতৰ মুঠ পৰিমাণ আৰু ইয়াৰ বিপৰীতে পৰিশোধ কৰা বিদ্যুতৰ বিলৰ মাজত সামঞ্জস্য অনাত সহায় কৰিব৷

RELATED ARTICLES