ছাৰেণ্ডাৰ কৰি বিজেপিয়ে কৈছে– ‘আমি চলাব পৰা নাই, তোমাৰ অসম তুমি চম্ভালা বদৰুদ্দিন৷’ ডবকা বাইপাছৰ সমীপত অনুষ্ঠিত এই নির্বাচনী সভাত পৰৱর্তী মুখ্যমন্ত্রী সম্পর্কত এনে বিস্ফোৰক মন্তব্য কৰি আজমলে খেলা হ’ব বুলিও বাৰে বাৰে উল্লেখ কৰে৷
উল্লেখ্য যে উজনি অসমৰ প্রথম পর্যায়ৰ নির্বাচনৰ সময়ত বিজেপিয়ে মহাজোঁটৰ চৰকাৰ হ’লে বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব বুলি কোৱাৰ সময়ত স্বয়ং আজমলে স্পষ্টীকৰণ দি তেওঁ মুখ্যমন্ত্রী নহয় বুলি ঘোষণা কৰিছিল৷ প্রথম পর্যায়ৰ নির্বাচনৰ অন্তত আজমলে চৰকাৰ গঠনৰ চাবি তেওঁৰ হাতত থাকিব বুলি কোৱাৰ লগতে মন্ত্রী কোন হ’ব সেয়াও তেওঁ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছিল৷
ইয়াৰ পাছতেই ডবকাত নিজে মুখ্যমন্ত্রী হ’ব বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ ইতিমধ্যে আজমলৰ এই বক্তব্যই সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রাক্মুহূর্তত বদৰুদ্দিন আজমলৰ এনে মন্তব্যই ভোটৰ ৰাজনীতিত বিশেষ প্রভাৱ পেলাব বুলি অনুমান কৰা হৈছে৷ বিশেষকৈ এনে মন্তব্যৰ জৰিয়তে এ আই ইউ ডি এফে মহাজোঁটৰ পক্ষত ধর্মীয় মেৰুকৰণ কৰাৰ চেষ্টা চলোৱাটো স্পষ্ট হৈ পৰিছে৷