peepl-small

আজি ৩খন পদসেতু উদ্বোধন কৰিব মুখ্যমন্ত্রীয়ে

PUBLISHED:

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব৷ এই এশ দিনীয়া কার্যকাল সম্পূর্ণ হোৱা উপলক্ষে চৰকাৰখনে কেইবাটাও কার্যসূচী গ্রহণ কৰিছে৷

এই কার্যসূচীৰ অংশ হিচাপে মহানগৰীত নির্মাণ সম্পূর্ণ হোৱা তিনিখনকৈ পদসেতু আজি মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আদাবাৰী পদসেতু, বৰিপাৰা পদসেতু আৰু শুক্রেশ্বৰ মন্দিৰৰ সমীপৰ পদসেতুকেইখন আজি বিয়লি পাঁচ বজাত মুখ্যমন্ত্রীয়ে মুকলি কৰিব৷

এই অনুষ্ঠানত মন্ত্রী অশোক সিংঘাল, সাংসদ কুইজ ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ লগতে লোকনির্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীসক উপস্থিত থাকিব৷

উল্লেখ্য যে গুৱাহাটীৰ আধুনিকীকৰণৰ অংশ হিচাপে মহানগৰবাসীৰ সুবিধাৰ বাবে এই পদসেতুকেইখন নির্মাণ কৰা হৈছে৷

RELATED ARTICLES