peepl-small

প্ৰতিকুল বতৰক নেওচি ধলপুৰৰ শিৱমন্দিৰৰ বেদখল ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

PUBLISHED:

গুৱাহাটীঃ প্ৰতিকুল বতৰকো নেওচি আজি দুখনকৈ নৈ নাৱেৰে পাৰ হৈ ছিপাঝাৰৰ ধলপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দৰঙৰ ঐতিহ্যক্ষেত্ৰ ধলপুৰৰ শিৱমন্দিৰৰ বেদখল হোৱা ভূমি পৰ্যবেক্ষণ কৰাৰ লগতে শিৱমন্দিৰো দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে হেলিপেডত নামি প্ৰায় ৮০০ মিটাৰ খোজকাঢ়ি, নাৱেৰে দুখন নদী পাৰ হৈ দৰঙৰ ঐতিহ্যক্ষেত্ৰ ধলপুৰৰ শিৱমন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটযোগে কয়, “অঞ্চলটোৰ বেদখলকাৰীৰ পৰা মন্দিৰৰ ১২০ বিঘা ভূমি অসম আৰক্ষী আৰু জিলা প্ৰশাসনে মুক্ত কৰিছে। আমাৰ ভূমিক বেদখলকাৰী আৰু অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ এনে ধৰণৰ বেদখলকাৰীসকলক অসমৰ সকলো ঠাইৰ পৰা উচ্ছেদ কৰা হ’ব।”

 

 

RELATED ARTICLES