peepl-small

ভৰলুত তৰুণৰাম ফুকন উদ্যানত চৰকাৰীভাৱে দেশভক্তি দিৱস উদযাপন

PUBLISHED:

গুৱাহাটী: আজি দেশভক্তি তৰুণৰাম ফুকনৰ মৃত্যু দিৱস। দেশভক্ত তৰুণৰাম ফুকনৰ ৮২সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰিছে ‘দেশভক্তি দিৱস’। এই দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, “ফুকনদেৱৰ জীৱন আৰু আদৰ্শৰ দ্বাৰা উঠি অহা প্ৰজন্ম যাতে অনুপ্ৰাণিত হ’ব পাৰে সেই উদ্দেশ্যৰে আমাৰ চৰকাৰে প্ৰতি বছৰে তেখেতৰ মৃত্যু দিৱসটো ‘দেশভক্তি দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি এই দিৱস উদযাপন কৰা হ’ব আৰু ইয়ে অসমৰ ইতিহাসৰ বহু অৱহেলিত অধ্যায় লোকচক্ষুৰ সন্মুখত উদ্ভাসিত কৰিব৷”

উল্লেখ্য যে এই অনুষ্ঠানত মহান অসমীয়াগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে৷

 

RELATED ARTICLES