peepl-small

যুদ্ধবিৰতিহে কৰিছোঁ বুলি বাথাই কৰা মন্তব্যত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কি ক’লে?

PUBLISHED:

গুৱাহাটীঃ “অসমলৈ শান্তি ঘূৰি অহাটো মূল কথা। আত্মসমৰ্পণ শব্দটোত যদি আপত্তি তেন্তে আন শব্দও ব্যৱহাৰ কৰিব পাৰে।”– আজি মূলসুঁতিলৈ উভতিল দুর্ধর্ষ বাথাই, আমি যুদ্ধবিৰতিহে কৰিছোঁ, আত্মসমৰ্পণ কৰা নাই বুলি কৰা মন্তব্য সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে পূৰ্বে ৰাজনৈতিকভাৱে সকলো হৈছিল, এতিয়া আন্তৰিকতাৰে হৈছে। বড়োভূমিত শান্তি আহিব। এতিয়া গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈকে কোনো বিদ্ৰোহী সংগঠন নাই।

উল্লেখ্য যে প্রায় ১০ মাহ পূর্বে এন ডি এফ বিৰ পৰা ফালৰি কাটি গৈ গঠন কৰা নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বড়োলেণ্ড (এন এল এফ বি) নামৰ উগ্রবাদী সংগঠনটো বৃহস্পতিবাৰে উভতি আহিল মূলসুঁতিলৈ৷ এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথা ওৰফে বিনোদ মোছাহাৰী, সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষ বকো ওৰফে ভবেন বসুমতাৰীসহ ২৩জন দুর্ধর্ষ সদস্যই আত্মসমর্পণ কৰিলে অসম আৰক্ষীৰ ওচৰত৷

RELATED ARTICLES