peepl-small

গুৰুজনাৰ আদর্শৰে জগত সভাত যুগে যুগে জিলিকিব অসমীয়া জাতি

PUBLISHED:

গুৱাহাটী: গুৰুজনাৰ আদর্শৰে অসমীয়া মহাজাতি যুগে যুগে জগতসভাত জিলিকি থাকিব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানৰ মণিকূট কীর্তনঘৰ আৰু নাটঘৰৰ প্রাচীন ঐতিহ্য ৰক্ষা কৰি আৰম্ভ কৰা নব্য ৰূপখচিত নৱীকৰণ কার্যসূচীৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে গৰিমামণ্ডিত ঐতিহ্যৰে উজলি উঠিব বটদ্রৱা৷

পত্নী ৰিণিকি ভূঞা শর্মাক লগত লৈ বটদ্রৱা থানত সেৱা জনাই মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ প্রশ্ণৰ উত্তৰত কয়– ‘বটদ্রৱা থানত সেৱা কৰাৰ পাছত মই ৰাজনীতিৰ কথা নকওঁ– গুৰুজনাৰ জন্মস্থানক লৈ ৰাজনীতিৰ অৱতাৰণা কৰাটো বাতুলামি হ’ব৷ গুৰুজনাৰ আদর্শৰাজি বিশ্বত প্রতিষ্ঠিত হৈ আহিছে আৰু হৈ থাকিব৷ অসমীয়া মহাজাতি গুৰুজনাৰ আদর্শৰে যুগে যুগে মহীয়ান হ’ব, জিলিকি থাকিব৷ গুৰুজনাই অসমীয়া সমাজখনক সকলো দিশত সমৃদ্ধিশালী কৰি থৈ এটা সম্ভাৱনাপূর্ণ পর্যায়ত প্রতিষ্ঠিত কৰিছিল৷ গুৰুজনাৰ চিন্তাত আছিল বিজ্ঞান মনস্কতা৷ গুৰুজনাই তাহানিতে মুখত গামোচা বান্ধি মাস্কৰ দৰে ব্যৱহাৰ কৰিছিল৷ পৰিষ্কাৰ–পৰিচ্ছন্ন সংস্কাৰৰ কথা গুৰুজনাই দেখুৱাইছিল৷ সেয়াই বিজ্ঞানৰ চিন্তা আছিল গুৰুজনাৰ দর্শনত৷ ‘কৰতল কমল’ৰ পাছত চিহ্ণযাত্রাৰে আৰম্ভ হোৱা গুৰুজনাৰ সৃষ্টিশীল কর্মৰাজি পুণ্যভূমি বটদ্রৱাতে আৰম্ভণি হৈ কোচবিহাৰৰ ভেলা মধুপুৰত সমাপ্ত হৈছিল৷ এইজনা অৱতাৰী মহানপুৰুষ আজিৰ আধুনিক সভ্যতাৰ বার্তাবাহক৷ বিশ্বৰ আধ্যাত্মিক কলা সাধনাৰ কেন্দ্র হৈ উঠিব তেৰাৰ জন্মভূমি পুণ্যভূমি বটদ্রৱা ধাম৷

বটদ্রৱা থানৰ চাৰিহাটীৰ উন্নয়ন, কার্যালয় গৃহ, সভাগৃহ আৰু অতিথিশালাৰ আধুনিকীকৰণৰ জৰিয়তে উন্নত ৰূপত গঢ়ি তোলা হ’ব৷ বটদ্রৱা প্রকল্পৰ কামো নির্ধাৰিত সময়ত সম্পূর্ণ হৈ উঠিব আৰু বিশ্ববাসীৰ বাবে উৎসর্গিত হ’ব বিশ্বমানৰ এই প্রকল্প৷ নির্মীয়মাণ বটদ্রৱা প্রকল্পৰ স্থলীত অৱস্থিত হেলিপেডত বিয়লিৰ ভাগত হেলিকপ্টাৰৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা সপত্নীক আহি উপস্থিত হয়৷ অসমীয়া জাতীয় সাজ পৰিধান কৰি বটদ্রৱা থানৰ কীর্তনঘৰত প্রৱেশ কৰি শৰাই, নৈবেদ্য আগবঢ়াই দুয়োৱে সেৱা লয় আৰু ভকতৰ পৰা গুৰু নির্মালি প্রসাদ গ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ ব্যক্তিগত উদ্যোগ আৰু তৎপৰতাত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সহযোগিতাত তিনি কোটি টকা ব্যয় সাপেক্ষ গুৰুজনাৰ জন্মস্থানৰ মণিকূট, কীর্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু চিলিং উন্নয়ন, বৈদ্যুতীকৰণৰ কামৰ শুভাৰম্ভণি কৰে৷

সত্রৰ সত্রাধিকাৰৰ মংগল ধ্বনি আৰু ভকত–বৈষ্ণৱৰ ব্রজবাক্যৰে কীর্তনঘৰৰ পীৰালিত মুখ্যমন্ত্রী ড০ শর্মাই এগছি বন্তি জ্বলাই সেৱা আগবঢ়াই পৱিত্র মণিকূটত এচটা ৰঙা মার্বল প্রতিষ্ঠা কৰি আজিৰ নির্মাণকার্যৰ শুভাৰম্ভণি কৰে৷ অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থানত বিশেষকৈ পর্যটন ক্ষেত্রৰ বিকাশ, গুৰু দুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্রচাৰ–প্রসাৰৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা ভৱিষ্যতৰ দীর্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে অসমীয়া জাতিৰ মণিকূটস্বৰূপ পৱিত্র ভূমি জগতগুৰু শ্রীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজডিত ঐতিহাসিক তথা আধ্যাত্মিক ক্ষেত্রৰ উন্নয়নৰ বাবে এই নির্মাণকার্য শুভাৰম্ভণি কৰে৷

ইয়াৰ পাছত বটদ্রৱা থানৰ ৰভাঘৰ প্রাংগণত থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁত ধৰা আদৰণী অনুষ্ঠানত সত্রীয়া পৰম্পৰা ৰক্ষা কৰি পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং, শৰাই, থানৰ কেলেণ্ডাৰ আৰু কুঁহিলাৰ কঠেৰে আদৰণি জনোৱা হয়৷ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই সত্রাধিকাৰ, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু কার্যনির্বাহক সমিতিৰ লগত বটদ্রৱাৰ সামগ্রিক উন্নয়ন আৰু বাহ্যিক, আভ্যন্তৰীণ সমস্যাৰাজি, অঞ্চলটোৰ পাৰিপার্শ্বিকতাৰ বিষয়ত এলানি গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷

মুখ্যমন্ত্রীৰ বুধবাৰে বটদ্রৱাৰ সমগ্র কার্যসূচীত বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, কার্যকৰী সভাপতি ভোগেশ্বৰ বৰা, প্রাক্তন সাধাৰণ সম্পাদক ব্রজেন কাকতি, বটদ্রৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, প্রাক্তন বিধায়িকা আঙুৰলতা ডেকা, প্রাক্তন মন্ত্রী গৌতম বৰা, বিজেপি ৰাজ্যিক কার্যনির্বাহক সদস্য ৰোহিণী বৰা, দেৱশ্রী বৰা, ডাঃ মুকুট দেৱনাথৰ উপৰি বটদ্রৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক যোগেন শইকীয়া, লক্ষী বৰা প্রমুখ্যে বিষয়ববীয়াসকলৰ উপৰি সত্রৰ ভকত–বৈষ্ণব, আইমাতৃসকলে সংগ প্রদান কৰে৷ প্রকাশ থাকে যে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে ড০ শর্মাই বটদ্রৱা থানত সেৱা গ্রহণ কৰে৷ বটদ্রৱা থানৰ অতিথিশালাত মুখ্যমন্ত্রীয়ে সত্রৰ ভকতে আগবঢ়োৱা দৈ আৰু বোকা চাউলৰ জলপানেৰে পৰিচালনা সমিতিৰ আতিথ্যও গ্রহণ কৰে৷

RELATED ARTICLES