এক টেলিফোনিক বার্তালাপত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনক পৰেশ বৰুৱাই ক’লে, ‘ড০ হিমন্ত বিশ্ব শর্মাই ধনাত্মক কথা কৈছে৷ আমি আশ্বস্ত হৈছোঁ৷ অসম–ভাৰত সংঘাত এটা সমাধান কৰিব নোৱাৰা বিষয় নহয়৷ তেওঁ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ মাত্র কেইটামান দিন হৈছে৷ তাৰ ভিতৰতে মুখ্যমন্ত্রী হিচাপে দায়িত্বশীল কথা কৈছে, ভাল দিশ দাঙি ধৰিছে৷ আমি আশাবাদী৷’ আজিৰ দিনটোৰ ভিতৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানলৈ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জনোৱা সঁহাৰিয়ে ৰাজ্যবাসীক দিছে দীর্ঘদিনীয়া এক সমস্যা সমাধানৰ ইতিবাচক ইংগিত৷
উল্লেখ্য যে আলফা (স্বাঃ)–এ অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অপহূত ৰিতুল শইকীয়াক সুস্থ শৰীৰেৰে ঘৰলৈ ওভতাই অনা হ’ব বুলি তেওঁৰ পিতৃ–মাতৃ আৰু পত্নীক আশ্বস্ত কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ তাৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাঃ)–এ শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে সামাজিকভাৱে কেতবোৰ দাবী উত্থাপন কৰিছে৷ সেইবোৰ কথাত কাৰোৰে আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু ৰাইজক নোকোৱা আৰু কিছুমান কথা থাকে৷ যিবোৰ কথাৰ পর্যালোচনাৰ প্রয়োজন আছে৷ এই মুহূর্তত সকলো কথা সংবাদ মাধ্যমৰ আগত কোৱাটো উচিত নহয়৷
চৰকাৰে এক সমাধানসূত্র উলিয়াবলৈ সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ একে সময়তে আলফা (স্বাঃ)–এ একপক্ষীয়ভাৱে ঘোষণা কৰা তিনিমহীয়া যুদ্ধবিৰতি সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে এইদৰে প্রতিক্রিয়া প্রকাশ কৰে– ‘তিনি মাহৰ যুদ্ধবিৰতিৰ ঘোষণাত মহামাৰীৰ কথা কোৱা হৈছে৷ নতুন চৰকাৰখনক শান্তিৰ বাতাৱৰণ দিয়াৰ কথা কোৱা হৈছে৷ মই কেৱল বিনম্রতাৰে এটাই আহ্বান জনাম– অসমত তেজৰ ফাকু বহুত খেলিলোঁ৷ ক’ব গ’লে ১৯৮৫ৰ পৰা চলি অহা যুদ্ধখনে কাৰোৱে কিবা এটা সমাধান আনি দিব পৰা নাই৷ বহু মাতৃৰ বুকু শুদা হ’ল, বহু পাহোৱাল ডেকা জংঘললৈ গৈ মৃত্যুৰ সৈতে যুঁজ দি আছে৷ জানি বা নাজানি তেওঁলোকৰ হাতেৰে যোৱা দুটা বা তিনিটা দশক অগণন মানুহে প্রাণ হেৰুৱালে৷ বহু পত্নীৰ শিৰৰ সেন্দূৰ মচা গ’ল৷ বহু পিতৃ–মাতৃ সন্তানহাৰা হ’ল৷ এতিয়া আমি বিচাৰিছোঁ আলফাৰ পৰা আলোচনাৰ প্রস্তাৱ আহক৷ যুদ্ধবিৰতিক ইতিবাচক দিশ হিচাপে বিবেচনা কৰিম৷ কিন্তু যুদ্ধবিৰতিৰ পৰৱর্তী পর্যায়ত কি কথাত আলোচনা কৰিব লাগে, কোনখিনি কথা চৰকাৰে মানি ল’ব পাৰিব বা কোনখিনি মানিব নোৱাৰিব, সেইবোৰ কথা জানি লৈ, দুয়োপক্ষৰ সীমাবদ্ধতাক সন্মান জনাই যদি আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ, মই ভাবোঁ জাতিটোৱে এটা নতুন দিগন্ত দেখিবলৈ পাব৷’
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই মন্তব্যক গুৰুত্বসহকাৰে ল’লে বিদ্রোহী সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই৷ ৰিতুল শইকীয়াৰ পৰিয়ালক আশাৰ খবৰ দি তেওঁ কয় যে ৰিতুলৰ পৰিয়ালটোৱে যি ধৰণে আহ্বান জনাইছে, কোঁচত শিশু সন্তানক লৈ পৰিবাৰে যিদৰে আহ্বান জনাইছে, মুখ্যমন্ত্রীয়ে যি আহ্বান জনাইছে, ইয়াৰ পিছত বিষয়টো সমাধান কৰিবলৈ আলফা (স্বাঃ)–এ নিশ্চয় প্রচেষ্টা চলাব৷ ৰিতুল বর্তমান আলফা (স্বাঃ)ৰ জিম্মাত আছে, সুস্থ শৰীৰে আছে৷ কোনো অসুখ–বিসুখ হোৱা নাই৷ খোৱা–বোৱাত কোনোধৰণৰ অসুবিধা পোৱা নাই৷ মহামাৰীয়ে যদি কোনো অসুবিধাত নেপেলায়, তেনেহ’লে অতি সোনকালে তেওঁ ঘৰলৈ ঘূৰি যাব পাৰিব বুলি আশা কৰিব পাৰি৷
ইপিনে, ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান প্রসংগত পৰেশ বৰুৱাই কয়, ‘মুখ্যমন্ত্রীগৰাকীয়ে কেইবাটাও ধনাত্মক দিশ দাঙি ধৰিছে৷ তাৰ বাবে তেওঁক ধন্যবাদ৷ দীর্ঘদিনীয়া অসম–ভাৰত সংঘাতৰ ওপৰত থূলমূল যিকেইটা ব্যাখ্যা দিছে, সেয়া ধনাত্মক৷ তিনিটা তৈল কোম্পানীয়ে অসমৰ জনসাধাৰণৰ বাবে কি কি কৰিব লাগে, তাৰ বাবে আমাৰ কেইটামান চর্ত দিয়া হৈছিল৷ সেই বিষয়তো মুখ্যমন্ত্রীগৰাকীয়ে ধনাত্মক কথা কৈছে৷ আমি আশ্বস্ত হৈছোঁ৷’