অসমত ক’ভিড পজিটিভিটীৰ হাৰ ৫ শতাংশলৈ নামি অহা বুলি উল্লেখ কৰি কয় যে এইবাৰো অসমে ক’ভিড নিয়ন্ত্রণত শীর্ষস্থানত থাকিব৷ অসমত ঔদ্যোগিক বিকাশ নোহোৱা বাবে একাংশই কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ উদ্যোগেই সপ্তাহত ৮০ হাজাৰ ৰেমডেছিভিৰ ইনজেকচন দেশক পঠিয়াই আছে৷ এসময়ত অসমে ৰাষ্ট্রৰ ওচৰত হাত পাতিছিল৷ আজি অসমে ৰাষ্ট্রক বৰঙণি আগবঢ়াইছে৷ তাৰ বাবে আমি অসমক লৈ আজি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ৷ এই প্রসংগতে তেওঁ নির্বাচনোত্তৰ কালত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই নির্বাচন আয়োগৰ ওচৰত সেই সময়ৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ কথা উল্লেখ কৰি কয় যে সোণোৱাল আৰু তেওঁ ক’ভিডক লৈ কিয় জিলালৈ যাব লাগে বুলি অভিযোগ কৰিছিল৷ কিন্তু মুখ্যমন্ত্রী আৰু তেওঁ সেই সময়ত ই ভি এম মেচিনৰ কাষলৈ যোৱা নাছিল৷ ক’ভিড নিয়ন্ত্রণৰ বাবে উপায়ুক্তৰ কাষলৈহে গৈছিল৷ আচলতে ৰিপুণ বৰাই তেনে কার্যৰে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত স্পীডবেকাৰ লগাই দিছিল৷
সেইদৰে ক’ভিড নিয়ন্ত্রণৰ বাবে বিৰোধীৰ একাংশই দান–বৰঙণি সংগ্রহ কৰা কার্যৰ সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়াত হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ মুখ্যমন্ত্রী হৈ থকা সময়তো সেই সময়ৰ চৰকাৰে বানপানী আদিৰ সময়ত ৰাইজৰ পৰা সাহায্য বিচাৰিছিল৷ দুর্গাপূজা এখনত অকল পুৰোহিতে ফুল নিদিয়ে, পূজালৈ অহা সকলোৱে ফুল দিয়ে৷ দান–বৰঙণি লোৱাটো আমাৰ সংস্কৃতিৰ অংগ৷ ইয়াত জোৰ–জবৰদস্তি নাই৷ দান–বৰঙণিত কোনেও পৰিমাণ নাচায়৷ জনভাগিদাৰীৰ অংশীদাৰ হিচাপেই চৰকাৰে ক’ভিড ভেকচিন ক্রয়ৰ বাবে দান–বৰঙণি বিচাৰিছে৷ অসম যদি নির্মাণ কৰিব লাগে, তেতিয়াহ’লে জনভাগিদাৰী নির্মাণ কৰিব লাগিব৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰাও ক’ভিড ভেকচিন ক্রয়ৰ বাবে অসম আৰোগ্য নিধিলৈ ৫০ কোটি টকাৰ বৰঙণি আগবঢ়োৱা হৈছিল৷ যোৱাবাৰ প্রথম পর্যায়ৰ ক’ভিডৰ সময়ত ৰাজ্য চৰকাৰে পেট্র’ল–ডিজেল আৰু সুৰাৰ ওপৰত কৰ আৰোপ কৰিছিল৷ কিন্তু এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে, কৰ আৰোপ নকৰে৷ তাৰ পৰিৱর্তে ৰাইজৰ পৰা দান–বৰঙণি সংগ্রহ কৰিব৷ কৰ আৰোপ নকৰাকৈ পৰিস্থিতি নিয়ন্ত্রণলৈ অনাটো চৰকাৰখনৰ আত্মবিশ্বাসৰ লক্ষণ৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ বিচাৰে ক’ভিড ভেকচিন ক্রয়ৰ বাবে অসমৰ তিনি কোটি ৩০ লাখ মানুহে এটকাকৈ বৰঙণি দিয়ক৷ ভেকচিন দিয়া সন্দর্ভত তেওঁ কয় যে অসমত এতিয়ালৈকে ৩৭ লাখ লোকক ক’ভিড ভেকচিন দিয়া হৈছে৷ গুৱাহাটী মহানগৰীৰ ৪.৫ লাখ লোকক ভেকচিন দিয়া হৈছে৷ অহা জুন–জুলাই মাহত অধিক লোকক ভেকচিন দিব পৰা যাব বুলিও তেওঁ সদনত মন্তব্য কৰে৷
সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পশ্চিমবংগই এটা বছৰত লাভ কৰা সাফল্যতকৈ অসমে স্বাস্থ্যখণ্ডত অধিক সাফল্য লাভ কৰিছে৷ ভাৰতৰ আন ৰাজ্যৰ তুলনাত স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু ধনৰ প্রয়োজন৷ সেয়েহে আমি লাহে লাহে এই দিশত অগ্রসৰ হ’ব লাগিব৷ অসমৰ ক’ভিড ব্যৱস্থাপনা আন কোনো ৰাজ্যৰ লগত তুলনা নহয়৷ চিকিৎসা মহাবিদ্যালয়সমূহত্ চিকিৎসকে নিৰন্তৰ সেৱা আগবঢ়াইছে৷ চিকিৎসকক জনসাধাৰণে প্রশংসাৰে ওপচাই দিছে৷ যিদিনাৰ পৰা আমাৰ চৰকাৰ আহিছে, মন্ত্রীসকলে দিনে–নিশাই চিকিৎসালয় পৰিদর্শন কৰিছে৷