peepl-small

৩ দিনৰ ভিতৰত মন্দিৰৰ ভূমি খালী কৰিবলৈ বেদখলকাৰীক কঠোৰ সকীয়নি

PUBLISHED:

গুৱাহাটী:   দৰঙৰ ঐতিহাসিক পীঠস্থান ধলপুৰৰ গৰিমা বেদখলৰ বাবে কোনো কাৰণতে ম্লান হ’বলৈ নিদিয়াৰ আশ্বাস দিছে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই৷ আনকি ধলপুৰৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্রত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে কঠোৰ সকীয়নি দিয়ে৷ উল্লেখ্য দৰং জিলাত যোগদান কৰা আৰক্ষী অধীক্ষকগৰাকী আজি জিলাখনৰ দক্ষিণ দিশৰ দুর্গম চৰ এলেকাৰ ধলপুৰত উপস্থিত হয়৷ বেদখলৰ ফলত শেহতীয়াভাৱে সংকটৰ সন্মুখীন হোৱা ঐতিহাসিক পীঠস্থানখনিৰ বর্তমানৰ অৱস্থাৰ বুজ লোৱাৰ লগতে যেনেকৈ নহওক মন্দিৰৰ ভূমি বেদখলমুক্ত কৰা হ’ব বুলি আশ্বস্ত কৰে মন্দিৰ পৰিচালনা সমিতিক৷

উল্লেখ্য যে ছিপাঝাৰ ৰাজহ চক্র এলেকাৰ ধলপুৰ পাহাৰ আৰু সংলগ্ণ পৌৰাণিক শিৱ মন্দিৰৰ চৰৰ বেদখলকাৰীৰ হাতোৰাৰ পৰা মুক্ত হোৱা নাছিল৷ মন্দিৰৰ নামত সংৰক্ষিত ভূমিত বেদখলকাৰীয়ে খেতি–বাতি কৰাৰ লগতে ঘৰ–দুৱাৰপর্যন্ত সাজি লৈছিল৷ এইক্ষেত্রত চলিত বর্ষৰ ১১ জানুৱাৰীত দৰং প্রশাসনে উচ্ছেদ অভিযান চলাই ১৮০বিঘা ভূমি বেদখলমুক্ত কৰি চমজাই দিছিল মন্দিৰ পৰিচালনা সমিতিক৷ আনকি চৌহদৰ সীমাপর্যন্ত নির্ধাৰণ কৰি প্রশাসনৰ উপস্থিতিত পকী খুঁটাপর্যন্ত পোতা হৈছিল৷ কিন্তু প্রশাসনৰ পদক্ষেপকো বৃদ্ধাংগুষ্ঠ প্রদর্শন কৰি বেদখলকাৰীসকলে পুনৰ মন্দিৰৰ মাটি দখল কৰিবলৈ লয়৷ প্রায় ১৭টা পৰিয়ালে মন্দিৰৰ ভূমিত জুপুৰি ঘৰ নির্মাণ কৰাৰ লগতে ২৯ মে’ৰ নিশা চৌহদৰ সীমাত থকা পকীখুঁটাসমূহো উভালি লৈ যায় দুষৃকতিকাৰীয়ে৷লক্ষণীয় যে এলেকাটো চৰ অঞ্চলত হোৱা বাবে সাধাৰণ লোকৰ আহ–যাহ কিছু কম হোৱাৰ লগতে বিগত বিধানসভা নির্বাচনৰ বাবে যোগাযোগ কিছু কমি যোৱাৰ পূর্ণ সূযোগ গ্রহণ কৰে বেদখলকাৰীয়ে৷ অৱশ্যে পিছদিনাই ধলপুৰ মন্দিৰ পৰিচালনা সমিতি আৰু ধলপুৰ সুৰক্ষা সেনাৰ কুৰিজনীয়া সদস্যই অস্থায়ীভাৱে বাঁহৰ খুঁটা পুতি বেদখলকাৰীক সকীয়নি প্রদান কৰিছিল৷

সমান্তৰালকৈ এই দুষ্কার্যত লিপ্ত হৈ ধর্মীয় অনুভূতিত আঘাত হনা বুলি এজাহাৰো দিছিল৷ মন্দিৰ পৰিচালনা সমিতিয়ে এই দুষ্কার্যত লিপ্ত হোৱাৰ অভিযোগত চৰৰ পোন্ধৰগৰাকী লোকৰ নামো উল্লেখ কৰিছিল এজাহাৰত৷ সেই অনুসৰিয়েই আজি দুর্গম ধলপুৰত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীয়ে সমগ্র পৰিস্থিতি স্বচক্ষে প্রত্যক্ষ কৰাৰ লগতে বেদখলকাৰীসকলক তিনি দিনৰ চূডান্ত সময়সীমা বান্ধি দিয়ে৷ যি সোতৰটা পৰিয়ালে ঘৰ বান্ধি বসবাস কৰি আছে এই তিনিদিনৰ ভিতৰত ভিতৰত মন্দিৰৰ ভূমি খালী কৰি দিবলৈ নির্দেশ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে৷ আনহাতে ধলপুৰৰ সূৰক্ষাৰ দিশটো লক্ষ্য কৰি সেই স্থানত থকা আৰক্ষী নিৰীক্ষণ চকীত এতিয়াৰে পৰা পূর্বৰ তিনিজনীয়া কনিষ্টবলৰ লগত আন পাঁচগৰাকী সশস্ত্র নিৰাপত্তাৰক্ষীও থাকিব বুলি অৱগত কৰে অধীক্ষকগৰাকীয়ে৷ একেদৰে মন্দিৰৰ চৌহদত স্থায়ী সীমাৰ বাবেও উপায়ুক্তৰ লগত আলোচনা কৰি ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে আৰক্ষী অধীক্ষকগৰাকীৰ এই তৎপৰতাক বিশেষভাৱে আদৰণি জনাই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ধর্মকান্ত নাথে৷ উল্লেখ্য যে আজিৰ কার্যসূচীত দীপাংকৰ নাথ, ৰবীন্দ্র নাথ, দণ্ডধৰ নাথ, অশ্বিনী নাথ, প্রসন্ন নাথ, গৌতম নাথ প্রমুখ্যে প্রায় ডেৰ কুৰি লোকে সংগ দিয়ে আৰক্ষী অধীক্ষকগৰাকীক৷

RELATED ARTICLES