peepl-small

মাজনিশা বাইক চলাই মহানগৰীৰ আৱৰ্জনা নিষ্কাশন, নলা খননৰ বুজ ল’লে পৌৰ আয়ুক্তই

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীক পৰিষ্কাৰ–পৰিচ্ছন্ন আৰু সর্বাংগসুন্দৰ কৰি তোলাৰ লক্ষ্যৰে কাম আৰম্ভ কৰিছে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷ যোৱা ২১ মে’ত দায়িত্বভাৰ গ্রহণ কৰিয়েই পৌৰ আয়ুক্ত দেৱাশিস শর্মাই বিভিন্ন স্থান পৰিদর্শন কৰি মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বুজ লয়৷ বিশেষকৈ গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা কৃত্রিম বান সমস্যা সমাধানৰ বাবে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ নির্দেশ দিয়ে৷ পৌৰ আয়ুক্তৰ নির্দেশ মর্মে দিনে–নিশাই নলা–নর্দমা নিষ্কাশনৰ কাম চলি থকা পৰিলক্ষিত হৈছে৷

তদুপৰি মহানগৰীৰ পথ, উপ–পথত থকা আৱর্জনা নিষ্কাশনৰো কাম দিনে–নিশাই পৌৰ নিগমৰ কর্মীসকলে কৰি থকা পৰিলক্ষিত হৈছে৷ বিগত কেইবাদিনো ধৰি সান্ধ্য আইনৰ মাজতে নিশাৰ ভাগতো পৌৰ নিগমৰ কর্মচাৰীয়ে ৰাজপথৰ আৱর্জনা পৰিষ্কাৰ কৰি আহিছে৷

আনহাতে, কৃত্রিম বান সমস্যা সমাধানৰ বাবে ভৰলু নদীৰ খনন কার্যও অব্যাহত ৰাখিছে৷ এক্সকেভেটৰেৰে ভৰলু নদীৰ খনন আৰু পৰিষ্কাৰৰ কাম চলি আছে৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাই দায়িত্ব গ্রহণ কৰিয়েই মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ আশ্বাস প্রদান কৰিছে৷ আয়ুক্ত শর্মাই মহানগৰবাসীক তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে গুৱাহাটী পৌৰ নিগমৰ ফেচবুক পেজ, টুইটাৰ, জি এম চিৰ নিয়ন্ত্রণ কক্ষত ফোনযোগেও অৱগত কৰিবলৈ আহ্বান জনাইছে৷

ইফালে, কালি নিশাও পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মটৰচাইকেলেৰে মহানগৰীৰ বিভিন্ন স্থান পৰিভ্রমণ কৰি নলা–নর্দমা নিষ্কাশন আৰু আৱর্জনা পৰিষ্কৰণ কামৰ বুজ লয়৷ পৌৰ আয়ুক্তগৰাকীৰ এই কর্মস্পৃহাক মহানগৰবাসীয়ে শলাগ লৈছে৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ নেতৃত্বত গুৱাহাটী মহানগৰখনে এক সুন্দৰ ৰূপ পাব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷

RELATED ARTICLES