peepl-small

HSLC, HS:বাতিল হ’ল ৫ নং দফা

PUBLISHED:

গুৱাহাটীঃ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ইতিমধ্যে জাৰি হোৱা নিৰ্দেশনাৰ ৫ নং দফা বাতিল কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি এইবৰ্ষত মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰখন নামভৰ্তিৰ লগতে শিক্ষকৰ চাকৰিৰ বাদে আন বিভিন্ন চৰকাৰী চাকৰিত প্ৰযোজ্য হ’ব। অৱশ্যে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত য’ত মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ নম্বৰ গ্ৰাহ্য কৰা হয়, সেই সম্পৰ্কে চৰকাৰে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ব।

RELATED ARTICLES