peepl-small

চিৰাঙত ৪ টা হাতী দাঁতসহ ৩ চোৰাং চিকাৰী আটক

PUBLISHED:

গুৱাহাটী : বৃহস্পতিবাৰে চিৰাঙত বন বিভাগ-এছ এছ বি আৰু বন্যপ্ৰাণী অপৰাধ দমন বিভাগ(ডব্লিউ চি বি) গুৱাহাটীৰ যৌথ অভিযানত ৪ টা হাতী দাঁত সহ তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ভূটান সীমান্তৱৰ্তী আমগুৰিৰ নাঙলভাঙাত চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হাতী দাঁত চাৰিটাৰ মুঠ ওজন ১৭.৮৫ কিলোগ্ৰাম বুলি চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আটক কৰা লোক তিনিজনক জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটাৰ বাসিন্দা ক্ৰমে নৱেশ্বৰ বসুমতাৰী(৩৫),সমেশ্বৰ বসুমতাৰী ওৰফে ৰবি (২৮) আৰু মৰ্জু বসুমতাৰী (৩৪) বুলি চিনাক্ত কৰা হৈছে। লোক কেইজনে ব্যৱহাৰ কৰা তিনিখন মটৰ চাইকেলো জব্দ কৰিছে বুলি জানিব পৰা গৈছে  চোৰাং চিকাৰীৰ দলটোৰ আন তিনিজন সদস্য পলায়ন কৰিবলৈ সক্ষম হয়।

চোৰাং চিকাৰী তথা বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত  দলটোৰ হাতত থকা   দহটা হাতী দাঁতৰ ৬ টা দাঁত লগত লৈ পলায়ন কৰিবলৈ সক্ষম হোৱা ৩ সদস্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

RELATED ARTICLES