peepl-small

সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ নির্দেশ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ

PUBLISHED:

নিউজ ডেস্কঃ পূর্ণকালীন যুদ্ধ প্রস্তুতিৰ ওপৰত প্রাধান্য দি দেশৰ সেনাবাহিনীক যিকোনো মুহূর্ততে যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ৷ লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাৰ  সংঘাতে দুই দেশৰ দ্বিপাক্ষিক সম্পর্কত উত্তেজনা অব্যাহত ৰখাৰ সময়তে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ এই নির্দেশ তাৎপর্যপূর্ণ৷

লাডাখৰ এল এ চিৰ ভাৰতীয় চকীৰ সন্মুখত চীনা সেনাই টেংক মোতায়েন কৰি ভাৰতীয় সেনাক প্রৰোচিত কৰাৰ কু–ভিসন্ধি ৰচনা কৰাৰ তথ্য পোহৰলৈ অহাৰ কেইঘণ্টামানৰ পিছতেই চীনৰ ৰাষ্ট্রপতিজনে যুদ্ধৰ বাবে সেনাক সাজু হৈ থাকিবলৈ নির্দেশ দিয়াটোৱে দেশখনৰ ভাৰতবিৰোধী আগ্রাসী মনোভাব স্পষ্ট কৰি তুলিছে৷

চেণ্ড্রেল মিলিটাৰী কমিছন ২০২১ৰ প্রথম নির্দেশত হস্তাক্ষৰ কৰি ৰাষ্ট্রপতিগৰাকীয়ে প্রকৃত যুদ্ধৰ পৰিস্থিতিত সামৰিক প্রশিক্ষণ শক্তিশালীকৰণত গুৰুত্ব দিয়াৰ লগতে জয়ী হোৱাৰ সক্ষমতা অর্জনৰ বাবে সেনাবাহিনীক আহ্বান জনায়৷ দেশৰ পিপল্ছ লিবাৰেচন আর্মীক সমুখসমৰত যাতে দেশৰ শত্রুপক্ষক পৰাভূত কৰিব পাৰে, তাৰ বাবে কঠোৰ পৰিশ্রম কৰাৰ লগতে অনুশীলনত গুৰুত্ব দিবলৈ আহ্বান জনায় ৰাষ্ট্রপতিগৰাকীয়ে৷ উল্লেখ্য যে বিগত বর্ষৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে এল এ চিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷

তেতিয়াৰে পৰা দুই দেশৰ মাজত সীমান্তত চলি থকা উত্তেজনা হ্রাস কৰি যথাস্থিতি বাহাল ৰখাৰ প্রচেষ্টাৰে দুয়ো দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ কেইবালানিও বৈঠক অনুষ্ঠিত হয় যদিও কোনোধৰণৰ মীমাংসাত উপনীত হোৱা নাই৷ সামৰিক আলোচনা আৰু কূটনৈতিক আলোচনাৰে এলএচিত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে প্রয়াস চলি থকাৰ মাজতে চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ নির্দেশ দিয়াত পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা আছে৷ লাডাখৰ এল এ চিৰ ৰেজাং লা, ৰেচিন লা আৰু মুখশ্রী বর্তমান ভাৰতীয় সেনাৰ দখলত আছে৷

এই অঞ্চলকেইটাৰ সন্মুখত মাত্র সামান্য দূৰতেই চীনে টেংকসহ জোৱান মোতায়েন কৰিছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রত চীনৰ এই কু–ভিসন্ধি স্পষ্ট হৈ পৰিছে৷ অৱশ্যে চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো দুঃসাহসিক কার্য প্রতিহত কৰাৰ বাবে ভাৰতীয় সেনাও এল এ চিৰ নিজৰ চকীত সম্পূর্ণ সষ্টম হৈ আছে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অলপতে প্রতিৱেশী ৰাষ্ট্রৰ যিকোনো আগ্রাসন কিম্বা দুঃসাহসিক কার্যক প্রতিহত কৰাৰ বাবে সেনা সাজু হৈ আছে বুলি মন্তব্য কৰিছিল৷ তদুপৰি দেশৰ তিনি সেনাৰ মুৰব্বী, চিডিএছ জেনেৰেল বিপিন ৰাৱাটে স্থল–জল–আকাশ সকলোতে দেশৰ সেনা সাজু হৈ আছে বুলি পৰোক্ষভাৱে চীনক সকীয়নি দি আহিছে৷

RELATED ARTICLES