peepl-small

ৰাইজে আস্থাৰে বিজেপিক পুনৰ সহযোগ কৰিছেঃ মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটীঃ দেওবাৰে নির্বাচনৰ ফলাফল অনুসৰি মিত্রজোঁটৰ জয় সুনিশ্চিত হোৱাৰ পিছতেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি এই বিজয়ৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– ভোটাৰ ৰাইজে আস্থা আৰু বিশ্বাসেৰে বিজেপিক দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনত আন্তৰিকতাৰে সহযোগ কৰিছে৷ এক বিবৃতিযোগে দেওবাৰে মুখ্যমন্ত্রীয়ে কয়– এই জয় অসমৰ জনসাধাৰণৰ জয়৷ ভাল কামৰ ফলাফল সদায়ে ভাল হয়৷ বিগত সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম, জাতি–ধর্ম, ভাষা–বর্ণ নির্বিশেষে সকলো শ্রেণীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ ৰাজ্যখনৰ সামগ্রিক উত্তৰণৰ বাবে যেনেধৰণে কাম–কাজ কৰিছিল, এই নির্বাচনৰ ফলাফলে তাকেই প্রমাণ কৰাৰ লগতে চৰকাৰখনৰ জনসাধাৰণৰ মাজত থকা জনপ্রিয়তাক পুনৰ প্রতিপন্ন কৰিছে৷

মুখ্যমন্ত্রীয়ে লগতে বিগত ৫ বছৰ চৰকাৰখনক সকলো সময়তে অকুণ্ঠ সহযোগিতা আগবঢ়াই এক গতিশীল চৰকাৰ হিচাপে আগুৱাই নিয়াৰ দিশত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকে ধৰি কেন্দ্রীয় মন্ত্রীসভাৰ প্রতিগৰাকী সদস্যকে ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে বিজেপিৰ সমূহ কার্যকর্তা, মিত্রদল অগপ, ইউ পি পি এলৰ নেতৃবৃন্দ আৰু মূহ কার্যকর্তাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

আনহাতে নির্বাচনী ফলাফল আশানুৰূপ বুলি মন্তব্য কৰিছে অগপৰ সভাপতি অতুল বৰাই৷ আঞ্চলিক দলটোৱে শক্তিশালী স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে বুলি দাবী কৰি অতুল বৰাই কয়– সমগ্র ৰাজ্যত বিজেপি আৰু মিত্রদলৰ সপক্ষে অসমৰ জনসাধাৰণে ৰায়দান কৰিছে৷ ইয়াৰ বাবে অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ আমাৰ ওপৰত ৰাইজৰ অগাধ বিশ্বাস আছে৷ আমাৰ ওপৰত থকা বিশ্বাস ৰাইজে এইবাৰ অটুট ৰাখিলে৷ ২০১৬ চনৰ পৰা এতিয়ালৈকে আমাৰ চৰকাৰখনে যিধৰণে কাম কৰিলে, সেই কামৰ প্রতি এই সমর্থনৰ জৰিয়তে স্বীকৃতি দিছে৷ আনহাতে কংগ্রেছ–এআইইউডিএফৰ মিত্রতাক উজনি অসমৰ ৰাইজে এইবাৰ গ্রহণ কৰা নাই৷ ইয়াৰ ফল এইবাৰ স্পষ্ট ৰূপত ধৰা দিছে৷

ইফালে, দেওবাৰে ফলাফলৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰিলে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে৷ কোকৰাঝাৰত দেওবাৰে প্রমোদ বড়োৱে প্রতিক্রিয়া প্রকাশ কৰি কয়– গণতন্ত্রত ৰাইজেই ৰজা৷ এই নির্বাচনী ফলাফলৰ জৰিয়তে ৰাইজে দেখুৱাই দিলে যে গণতন্ত্রত প্রকৃত ৰজা কোন৷ ভোটাৰ ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে আৰু ফলাফলেৰে ৰাইজে পৰিৱর্তন দিলে৷ ইউ পি পি এল দলে ৰাইজক দিয়া প্রতিশ্রুতি মতে কাম কৰি যাব৷ প্রমোদ বড়োৱে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো দেওবাৰৰ ফলাফলৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ বিপিএফৰ তিনিজনকৈ মন্ত্রী পৰাজিত হোৱা সন্দর্ভত প্রমোদ বড়োৱে কয় যে এই তিনিওগৰাকী মন্ত্রীয়ে কেৱল পদবীহে ধৰি আছিল৷ কোনো উন্নয়নমূলক কাম কৰা নাছিল৷ গণতন্ত্রত যিহেতু ৰাইজেই ৰজা, গতিকে ৰাইজৰ কাম নকৰা বাবে বিপিএফক পৰাজয়ৰ বাট দেখুৱাই দিলে৷

RELATED ARTICLES