peepl-small

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ নির্দেশ চন্দ্রমোহন পাটোৱাৰীৰ

PUBLISHED:

গুৱাহাটীঃ  পৰিবহণ মন্ত্রী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ অধ্যক্ষতাত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ কাম–কাজৰ অগ্রগতি সম্পর্কে অনুষ্ঠিত এখন পর্যালোচনা সভাত জিলাখনৰ ভূমি বেদখল, ভূমিস্খলন, কৃত্রিম বান আৰু পাহাৰৰ মাটি কটা বিষয়কেইটা সন্দর্ভত বিশেষভাৱে আলোচনা কৰা হয়৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, জিলা পৰিষদৰ সভাপতি শিৰোমণি কোঁৱৰৰ উপৰি অভিভাৱক সচিব কে কে দ্বিবেদী, আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা

আদি বহু শীর্ষ পর্যায়ৰ বিষয়া উপস্থিত থকা এই সভাত আমছাং অভয়াৰণ্যকে ধৰি কেতবোৰ স্থান বেদখলমুক্ত কৰাৰ বাবে ক্ষিপ্র পদক্ষেপ ল’বলৈ জিলা প্রশাসনক নির্দেশ দিয়ে৷ আমছাঙৰ ভূমি বেদখল আৰু বনাঞ্চলৰ গছ কটা সম্পর্কে বিধায়ক অতুল বৰাই তোলা অভিযোগ সম্পর্কত অবৈধভাৱে গছ কাটি বা পাহাৰ কাটি যাতে বনভূমি নষ্ট কৰিব নোৱাৰে, তাৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা বন বিষয়াক মন্ত্রীগৰাকীয়ে নির্দেশ দি প্রয়োজনসাপেক্ষে বেদখলৰ ক্ষেত্রত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ জিলাখনৰ ভূমি বেদখলৰ ক্ষেত্রত বহু সময়ত নাগৰিক সমিতি জডিত থাকে বুলি উল্লেখ কৰি ইয়াৰ সমাধানৰ বাবে অহা জুলাইৰ ভিতৰত নাগৰিক সমিতিসমূহ পুনৰ গঠনৰ ওপৰত গুৰুত্ব দিয়ে আৰু তেওঁ জিলা আৰক্ষী আয়ুক্তক এই ক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ কয়৷

RELATED ARTICLES