peepl-small

চন্দ্রপুৰত পানী যোগানত ২৬৮ কোটিৰ কেলেংকাৰি

PUBLISHED:

গুৱাহাটীঃ নীৰ নির্মল পৰিযোজনাৰ অধীনত চন্দ্রপুৰৰ তাঁতীমৰাত স্থাপন কৰা পানী যোগান আঁচনিৰ নামত ২৬৮ কোটি টকাৰ ভয়ংকৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কেন্দ্রীয় চৰকাৰৰ নীৰ নির্মল পৰিযোজনাৰ অধীনত চন্দ্রপুৰত স্থাপন কৰা হৈছিল অভিলাসী পাঁনী যোগান আঁচনিখন৷ এই আঁচনিখনৰ বাবে ২৬৮.৭৬ কোটি টকা আবণ্টিত হৈছিল৷ বিশ্ববেংকৰ পুঁজিৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে চন্দ্রপুৰৰ ৪২খন গাঁও আৰু ডিমৰীয়াৰ ১৩০খন গাঁৱৰ ৰাইজক পানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছিল৷ ২০১৫ চনৰ ১০ ফেব্রুৱাৰীৰ পৰা এই পানী যোগান আঁচনিখনৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰী প্রতিষ্ঠান মেচার্ছ শিৱম আৰু জিডিচিএল (জেভি)–এ৷ কিন্তু আজি পর্যন্ত এই অভিলাসী পানী যোগান আঁচনিখনৰ নির্মাণকার্য সম্পূর্ণ নহ’ল৷ অভিযোগ অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰে মিলি আঁচনিখনৰ নামত আবণ্টিত ২৬৮ কোটি টকাৰ লুণ্ঠন চলালে৷ ঠিকাদাৰী প্রতিষ্ঠান মেচার্ছ শিৱম আৰু জিডিচিএল (জেভি)–এ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া–কর্মচাৰীৰে মিলি ভুৱা বিলেৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷

প্রাপ্ত তথ্য অনুসৰি ঠিকাদাৰী প্রতিষ্ঠানে নামমাত্র কাম কৰি ভুৱা বিলৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ বিষয়টোৰ তদন্ত অসম আৰক্ষীৰ দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই তদন্ত কৰিছিল৷ আৰক্ষীৰ তদন্তত ২,১৮,১৩৩ টকাৰ সামগ্রী ক্রয় কৰি ৬২ লাখ টকা আৰু ১৩,৩৭,৬২২ টকাৰ সামগ্রী ক্রয় কৰি ৬৫ লাখ টকা ভুৱা বিলেৰে ঠিকাদাৰী প্রতিষ্ঠানে উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছিল৷ কিন্তু ৰহস্যজনক কাৰণত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই আঁচনিখন ৰূপায়ণত হোৱা দুর্নীতিৰ তদন্ত সম্পূর্ণ নকৰিলে৷ অভিযোগ অনুসৰি, মন্ত্রী ৰিহন দৈমাৰী, আই এছ বিষয়া সিদ্ধার্থ সিং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্রাক্তন অভিযন্তা শাম্য কুমাৰ বৰুৱা, কিশোৰ তালুকদাৰ, অভিযন্তা বিশ্বদ্বীপ দাসকে ধৰি বিভাগটোৰ একাংশ বিষয়া–কর্মচাৰী এই কোটিটকীয়া কেলেংকাৰিত জড়িত বুলি বিভিন্ন দল–সংগঠনে দাবী কৰিছিল৷ শেহতীয়াকৈ চন্দ্রপুৰৰ পানী যোগান আঁচনিখনত সংঘটিত অগ্ণিকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷

দুর্নীতিৰ তথ্য –প্রমাণ নষ্ট কৰাৰ বাবেই পাইপসমূহ জ্বলাই দিয়া বুলিও স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে৷ চন্দ্রপুৰৰ এই অভিলাসী পানী যোগান আঁচনিখনৰ নামত সংঘটিত ২৬৮ কোটিটকীয়া কেলেংকাৰিৰ তদন্ত কৰিলেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহুকেইগৰাকী বিষয়া আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ বিষয়া–কর্মচাৰী আৰক্ষীৰ জালত পৰিব৷

RELATED ARTICLES