peepl-small

ক’ভিড যুঁজৰ বাবে উত্তৰ–পূর্বাঞ্চলক ১,৩৫২ কোটি টকা আবণ্টন

PUBLISHED:

অসমসহ উত্তৰ–পূবৰ ৮খন ৰাজ্যক ক’ভিড মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ক’ভিড ৰেচপন্স ফাণ্ডৰ পৰা ১,৩৫২ কোটি টকাৰ অনুমোদন দিয়া হৈছে৷ মঙলবাৰে এই কথা উল্লেখ কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডৱিয়াই৷

উল্লেখ্য যে এদিনীয়া ভ্রমণেৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত উত্তৰ–পূবৰ ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্রীসকলৰ সৈতে ক’ভিড পৰিৱেশ আৰু ভেকচিন প্রদানৰ বিভিন্ন দিশ পর্যালোচনা কৰে৷

এই পর্যালোচনাৰ অন্তত সাংবাদিকৰ আগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– কেন্দ্রই ইতিমধ্যে আবণ্টন দিয়া ১,৩৫২ কোটি টকাৰ ৫০ শতাংশ ধন প্রতিখন ৰাজ্যলৈ মোকলাই দিয়া হৈছে৷ তদুপৰি ক’ভিড ভেকচিন প্রদানৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰে গুৰুত্ব প্রদান কৰি প্রতিখন ৰাজ্যলৈ পর্যাপ্ত পৰিমাণে ভেকচিন প্রদান কৰা হৈছে৷ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ক’ভিড প্রতিষেধক অভিযান অধিক জোৰদাৰ কৰি তোলাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে যাতে পর্যটন ক্ষেত্র হিচাপে পৰিচিত উত্তৰ–পূবলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে৷

উল্লেখ্য যে এই গুৰুত্বপূর্ণ বৈঠকখনত উপস্থিত থাকে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, নাগালেণ্ডৰ স্বাস্থ্যমন্ত্রী পাংন্যু ফুম, ছিকিমৰ স্বাস্থ্যমন্ত্রী ড০ মণিকুমাৰ শর্মা, মিজোৰামৰ স্বাস্থ্যমন্ত্রী আৰু ত্রিপুৰাৰ শিক্ষা, আইন মন্ত্রী ৰতনলাল নাথৰ লগতে মণিপুৰৰ মুখ্যমন্ত্রীৰ উপদেষ্টা (স্বাস্থ্য) ডাঃ ৰতল চাপামে, মেঘালয়ৰ স্বাস্থ্য বিভাগৰ প্রধান সচিব আৰু অৰুণাচল প্রদেশৰ স্বাস্থ্য সচিবে৷ এই বৈঠকতে অসমৰ লগতে উত্তৰ–পূবৰ ক’ভিডৰ শেহতীয়া পৰিস্থিতি, চিকিৎসা ব্যৱস্থাপনা, ভেকচিন প্রদানৰ অগ্রগতিৰ লগতে বিভিন্ন দিশ আলোচনা কৰা হয়৷

বৈঠকত ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তে ৰাজ্যত তিনিগুণকৈ আই চি ইউ আসনৰ সংখ্যা বৃদ্ধি কৰা, তৰল মেডিকেল অক্সিজেন উৎপাদন, মজুতকৰণ, শিশুসকলক ক’ভিডৰ সম্ভাব্য তৃতীয় ঢ়ৌৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰাকৈ আই চি ইউ নির্মাণৰ বিভিন্ন দিশসমূহো পর্যালোচনা কৰা হয়৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে বৈঠকৰ অন্তত কয়– উত্তৰ–পূবৰ ৰাজ্যসমূহত পর্যটকৰ যাতে সোনকালে আগমন হয়, তাৰ বাবে ভেকচিন প্রদানত ক্ষিপ্রতাৰে গুৰুত্ব দিয়া হৈছে৷

মন্ত্রীগৰাকীয়ে ক’ভিড পৰিস্থিতি শাম কাটিলে পুনৰ উত্তৰ–পূবৰ স্বাস্থ্যমন্ত্রীসকলৰ্ সৈতে আন এখন বৈঠক অনুষ্ঠিত কৰিব বুলিও আজি অৱগত কৰে৷ উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ডৱিয়াই চাংসাৰিত হৈ থকা এইম্ছৰ নির্মাণকার্য চাবলৈ যোৱাৰ কথা আছিল যদিও এই কার্যসূচী বিশেষ কাৰণত বাতিল কৰা হয়৷

RELATED ARTICLES