peepl-small

ৰাজ্য চৰকাৰক উদ্বিগ্ন কেন্দ্রৰ নির্দেশঃ তাৎক্ষণিকভাৱে হ্রাস কৰক ক’ভিড সংক্রমণ

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ অধিকাংশ জিলাতে ক’ভিড আক্রান্তৰ হাৰ এতিয়াও ১০ শতাংশতকৈ অধিক হৈ থকাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন পত্রৰ জৰিয়তে ৰাজ্যৰ বহুকেইখন জিলাত ক’ভিড সংক্রমণ হ্রাস নোপোৱাত উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে শীঘ্রে এই পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

শেহতীয়াকৈ প্রেৰণ কৰা এই পত্রত কেন্দ্রীয় স্বাস্থ্য সচিবজনে উল্লেখ কৰিছে যে দেশত ক’ভিডৰ নতুনকৈ সংক্রমিত হোৱা লোকৰ সংখ্যা হ্রাস পাইছে যদিও আক্রান্তৰ হাৰ প্রতি সপ্তাহত পর্যবেক্ষণ কৰি থকা হৈছে৷ অসমৰ ৩৩খন জিলাৰ ২৯খনতে যোৱা ৪ জুলাই পর্যন্ত ১০০তকৈ অধিক লোক আক্রান্ত হৈছে৷ সেয়েহে এই জিলাসমূহত কণ্টেইনমেণ্ট জ’ন অধিক কঠোৰভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিছে কেন্দ্রই৷

তদুপৰি ক’ভিড পৰীক্ষা বৃদ্ধি কৰাৰ লগতে ভেকচিন প্রদানৰ সংখ্যাও বঢ়াবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য সচিবজনে৷ পত্রখনত উল্লেখ কৰা অনুসৰি সংক্রমণৰ গ্রাফডাল নিম্নমুখী কৰিবলৈ হ’লে কণ্টেইনমেণ্ট হৈছে আটাইতকৈ গুৰুত্বপূর্ণ বিষয়৷ ইয়াৰ লগতে আক্রান্তৰ সংস্পর্শলৈ অহা ব্যক্তিক চিনাক্তকৰণ আৰু সকলো আক্রান্তৰ কোৱাৰেণ্টাইন নিশ্চিত কৰিবলৈও পত্রখনৰ জৰিয়তে নির্দেশ দিয়া হৈছে৷

উল্লেখ্য যে কেৱল অসমেই নহয়, উত্তৰ–পূর্বাঞ্চলৰ আন ৫খন ৰাজ্যতো ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ অসমৰ উপৰি অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, ত্রিপুৰা আৰু ছিকিমৰ মুখ্য সচিবলৈও পত্র প্রেৰণ কৰিছে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে৷ এই পত্রত উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশৰ ২৫খন জিলাৰ ১৯খনতেই আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক৷ তদুপৰি দেশৰ ১০ শতাংশতকৈ অধিক আক্রান্তৰ হাৰ অব্যাহত থকা জিলাসমূহৰ ৬০ শতাংশই উত্তৰ–পূর্বাঞ্চলৰ৷ সেয়েহে কেন্দ্রীয় স্বাস্থ্য সচিবজনে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক পৰীক্ষা, চিনাক্তকৰণ, চিকিৎসা, প্রতিষেধক প্রদান আৰু ক’ভিড প্রট’কল বলৱতৰ ক্ষেত্রত কঠোৰ হ’বলৈ নির্দেশ দিছে৷

মন্ত্রালয়ৰ এখন বৈঠকত সম্প্রতি চিকিৎসাধীন ৰোগী, মৃত্যুৰ হাৰ, আক্রান্তৰ হাৰ, প্রতিষেধক প্রদানৰ স্থিতি আদি বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয়৷ এই আলোচনা কালতে পোহৰলৈ আহে যে দেশৰ মুঠ ৭৩খন জিলাত এতিয়াও ক’ভিড আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক৷ এই জিলাসমূহৰ ৪৬খনেই উত্তৰ–পূর্বাঞ্চলৰ৷

ৰাজ্যৰ অধিকাংশ জিলাতে ক’ভিড আক্রান্তৰ হাৰ এতিয়াও ১০ শতাংশতকৈ অধিক হৈ থকাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন পত্রৰ জৰিয়তে ৰাজ্যৰ বহুকেইখন জিলাত ক’ভিড সংক্রমণ হ্রাস নোপোৱাত উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে শীঘ্রে এই পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

শেহতীয়াকৈ প্রেৰণ কৰা এই পত্রত কেন্দ্রীয় স্বাস্থ্য সচিবজনে উল্লেখ কৰিছে যে দেশত ক’ভিডৰ নতুনকৈ সংক্রমিত হোৱা লোকৰ সংখ্যা হ্রাস পাইছে যদিও আক্রান্তৰ হাৰ প্রতি সপ্তাহত পর্যবেক্ষণ কৰি থকা হৈছে৷ অসমৰ ৩৩খন জিলাৰ ২৯খনতে যোৱা ৪ জুলাই পর্যন্ত ১০০তকৈ অধিক লোক আক্রান্ত হৈছে৷ সেয়েহে এই জিলাসমূহত কণ্টেইনমেণ্ট জ’ন অধিক কঠোৰভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিছে কেন্দ্রই৷

তদুপৰি ক’ভিড পৰীক্ষা বৃদ্ধি কৰাৰ লগতে ভেকচিন প্রদানৰ সংখ্যাও বঢ়াবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য সচিবজনে৷ পত্রখনত উল্লেখ কৰা অনুসৰি সংক্রমণৰ গ্রাফডাল নিম্নমুখী কৰিবলৈ হ’লে কণ্টেইনমেণ্ট হৈছে আটাইতকৈ গুৰুত্বপূর্ণ বিষয়৷ ইয়াৰ লগতে আক্রান্তৰ সংস্পর্শলৈ অহা ব্যক্তিক চিনাক্তকৰণ আৰু সকলো আক্রান্তৰ কোৱাৰেণ্টাইন নিশ্চিত কৰিবলৈও পত্রখনৰ জৰিয়তে নির্দেশ দিয়া হৈছে৷

উল্লেখ্য যে কেৱল অসমেই নহয়, উত্তৰ–পূর্বাঞ্চলৰ আন ৫খন ৰাজ্যতো ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ অসমৰ উপৰি অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, ত্রিপুৰা আৰু ছিকিমৰ মুখ্য সচিবলৈও পত্র প্রেৰণ কৰিছে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে৷ এই পত্রত উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশৰ ২৫খন জিলাৰ ১৯খনতেই আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক৷ তদুপৰি দেশৰ ১০ শতাংশতকৈ অধিক আক্রান্তৰ হাৰ অব্যাহত থকা জিলাসমূহৰ ৬০ শতাংশই উত্তৰ–পূর্বাঞ্চলৰ৷ সেয়েহে কেন্দ্রীয় স্বাস্থ্য সচিবজনে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক পৰীক্ষা, চিনাক্তকৰণ, চিকিৎসা, প্রতিষেধক প্রদান আৰু ক’ভিড প্রট’কল বলৱতৰ ক্ষেত্রত কঠোৰ হ’বলৈ নির্দেশ দিছে৷

মন্ত্রালয়ৰ এখন বৈঠকত সম্প্রতি চিকিৎসাধীন ৰোগী, মৃত্যুৰ হাৰ, আক্রান্তৰ হাৰ, প্রতিষেধক প্রদানৰ স্থিতি আদি বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয়৷ এই আলোচনা কালতে পোহৰলৈ আহে যে দেশৰ মুঠ ৭৩খন জিলাত এতিয়াও ক’ভিড আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক৷ এই জিলাসমূহৰ ৪৬খনেই উত্তৰ–পূর্বাঞ্চলৰ৷

RELATED ARTICLES