peepl-small

ভৰিত গুলীয়াই আটক গৰু মাফিয়াক

PUBLISHED:

গুৱাহাটীঃ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ সোমবাৰে বিয়লি শিমুলটাপুত চোৰাং গৰু সৰবৰাহৰ  মূল খলনায়কক আৰক্ষীয়ে গুলীয়াই আহত কৰে৷

উল্লেখ্য যে  জিলাখনৰ গোসাঁইগাঁৱৰ ১নং শিমুলটাপু গাঁৱত গৰু ছিণ্ডিকেট চক্রৰ নায়ক তথা বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত শ্বাহজালাল শ্বেখক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ যাওঁতেই উক্ত অঘটনটো ঘটে৷

আৰক্ষীৰ দল দেখি শ্বাহজালাল শ্বেখে আৰক্ষীলৈ লক্ষ্য কৰি দুঁজাই গুলী নিক্ষেপ কৰি পলায়নৰ চেষ্টা কৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ওলোটাই গুলীচালনা কৰে৷

আৰক্ষীৰ গুলীচালনাত শ্বাহজালাল শ্বেখ ভৰিত গুলীবিদ্ধ হয়৷ আৰক্ষীয়ে শ্বাহজালাল শ্বেখৰ পৰা এটা পিষ্টল আৰু চাৰি জাঁই সক্রিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আহত শ্বাহজালাল শ্বেখক চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও সম্প্রতি উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ আৰু হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷

প্রণিধানযোগ্য যে ইতিমধ্যে শ্বাহজালাল শ্বেখ দুবাৰকৈ জে’লৰ ভাত খাইছে আৰু ইয়াৰ পূর্বেও আৰক্ষীক আক্রমণ কৰা গোচৰত অভিযুক্ত হৈ আছিল৷ বহিঃৰাজ্যৰ অবৈধ গৰু সৰবৰাহী চক্রটোৰ সৈতে প্রত্যক্ষভাৱে জড়িত আছিল গুলীবিদ্ধ শ্বাহজালাল৷

RELATED ARTICLES