peepl-small

উজনিৰ মানুহৰ কথা মতে AIUDFক বাদ দিব নোৱাৰিঃ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী

PUBLISHED:

গুৱাহাটী, ১৭ নৱেম্বৰঃ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সাম্প্ৰদায়িক আৰু ভোটৰ নামত উজনি-নামনিক লৈ কৰা ৰাজনীতিয়ে ক্ষুব্ধ কৰি তুলিছে অসমীয়াক। কালি দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়কগৰাকীয়ে উজনি অসমৰ মানুহৰ কথা মতে এআইইউডিএফক এৰি দিব নোৱাৰি বুলি কৰা মন্তব্যই জোকাৰণি তুলিছে উজনি অসমত। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত বিধায়ক চৌধুৰীয়ে কৰা এই মন্তব্যক লৈ অপমানবোধ কৰা উজনি অসমৰ স্থানীয় বাসিন্দাই উজনিৰ কংগ্ৰেছ বিধায়কৰ কোনো প্ৰতিক্ৰিয়া নথকাতো ক্ষোভ প্ৰকাশ কৰে।
আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৱাজেদ আলী চৌধুৰীৰ মন্তব্যই প্ৰকৃতাৰ্থত কংগ্ৰেছৰ ভিতৰচ’ৰাৰ মানসিকতাকে প্ৰতিফলিত কৰিছে। কংগ্ৰেছ এতিয়া অসমীয়াৰ লগতে ভাৰতীয় লোকৰ লগত যে নাই বা অসমীয়া বা ভাৰতীয়ৰ ভোট যে কংগ্ৰেছক নালাগে এই কথা ৱাজেদ আলীৰ বক্তব্যই স্পষ্ট কৰি দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। আনহাতে ৱাজেদ আলী চৌধুৰীৰ বক্তব্যই কংগ্ৰেছক বিপাঙত পেলোৱাত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই চৌধুৰীৰ বক্তব্যত দুখ প্ৰকাশ কৰে। এয়া অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰাৰ লগতে তেওঁ এইক্ষেত্ৰত কংগ্ৰেছ সভাপতিৰ হস্তক্ষেপ কামনা কৰে।
উজনিৰ খিলঞ্জীয়া মুছলমানৰ লগতে বিভিন্ন দল-সংগঠনেও ৱাজেদ আলীৰ মন্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে কংগ্ৰেছক লাগে কেৱল বাংলাদেশীৰ ভোট। উল্লেখ্য, ৱাজেদ আলী চৌধুৰীয়ে অকল এয়াই নহয় এগৰাকী ধৰ্মীয় নেতাৰ দৰে সাম্প্ৰদায়িত মন্তব্য কৰিও কংগ্ৰেছৰ স্বৰূপ প্ৰকাশ কৰে। সভাখনত ৱাজেদ আলী চৌধুৰীয়ে কয় যে কংগ্ৰেছক জিকাব নোৱাৰিলে মুছলমানৰ সন্মুখত দুটা ৰাস্তাই খোলা আছে, হয় হিন্দু ধৰ্ম গ্ৰহণ কৰা অথবা এই দেশ এৰি গুচি যোৱা। বিজেপিৰ শাসনত অসমৰ মুছলমানৰ স্বাধীনতা নাই বুলিও উল্লেখ কৰে ৱাজেদ আলী চৌধুৰীয়ে। অগপৰ সভাপতি অতুল বৰাই চৌধুৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে নিজৰ মাজতে ভষ্মাসুৰৰ জন্ম দিছে।

RELATED ARTICLES