peepl-small

ক’ভিডৰ টিকাকৰণৰ পাছতহে ‘কা’ হ’ব কার্যকৰীঃ অমিত শ্বাহৰ ঘোষণা

PUBLISHED:

গুৱাহাটীঃ দেশত সংশোধিত নাগৰিকত্ব আইন (কা) ক’ভিড–১৯ৰ টিকাকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতহে কার্যকৰী হোৱাৰ সম্ভাৱনা আছে৷ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগত আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰ প্রচাৰ অভিযান আৰম্ভ কৰি দিল্লীলৈ উভতি অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই কথা উল্লেখ কৰিছে৷ ‘কা’ ইতিমধ্যে দেশত প্রণয়ন কৰা হৈছে যদিও মহামাৰীৰ বাবে এই আইন কার্যকৰী কৰাটো সম্ভৱ হোৱা নাই৷ নাগৰিকত্ব সংশোধনী আইনৰ দৰে বৃহৎ প্রক্রিয়া এটা কার্যকৰী কৰিবলৈ হ’লে ক’ৰোনা ভাইৰাছ মহামাৰীৰ টিকাকৰণ ইয়াৰ পূর্বে আৰম্ভ হ’ব লাগিব বুলি উল্লেখ কৰিছে শ্বাহে৷

গৃহমন্ত্রীগৰাকীৰ মতে, ক’ভিডৰ সংক্রমণৰ চেইনত ভাঙোন অনাৰ পাছতহে কেন্দ্রীয় চৰকাৰে এই বিষয়টো সন্দর্ভত বিবেচনা কৰিব৷ –এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে সংবাদ মেলখনত তৃণমূল কংগ্রেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে শ্বাহে ক্ষুৰধাৰ মন্তব্য আগবঢ়াই নেত্রীগৰাকীয়ে নিজৰ ব্যর্থতা ঢ়াকিবলৈ ৰাজ্যখনত ‘আউট ছাইডাৰ–ইন ছাইডাৰ’ ইছ্যু সৃষ্টি কৰা বুলিও উল্লেখ কৰিছে৷

ৰাজ্যখনৰ কেইবাগৰাকীও আই পি এছ বিষয়ালৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাননী জাৰি কৰা বিষয়টো সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত গৃহমন্ত্রী শ্বাহে কয় যে কেন্দ্রই সংবিধান আৰু আইন অনুসৰি ৰাজ্য চৰকাৰলৈ পত্র প্রেৰণ কৰিছিল৷ দেশৰ যুক্তৰাষ্ট্রীয় গাঁথনিৰ প্রতি সন্মান জনাই ৰাজ্য চৰকাৰখনে কেন্দ্রীয় চৰকাৰৰ সৈতে এই বিষয়টো সন্দর্ভত আলোচনা কৰাৰ প্রয়োজন আছিল বুলি উল্লেখ কৰি শ্বাহে কয় যে মমতা বেনার্জী চৰকাৰত সংবিধান আৰু আইনক সন্মান জনোৱাৰ আগ্রহ নাই৷

RELATED ARTICLES