peepl-small

ব্রহ্মপুত্র পার্কৰ আঠটা গুদামত জব্দ এক লাখ বেগ চোৰাং বার্মিজ চুপাৰি

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যত চলি থকা অবৈধ কার্যকলাপ বন্ধ কৰাৰ বাবে আৰক্ষী প্রশাসনে তীব্র অভিযান চলাই থকাৰ মাজতে সোমবাৰে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ব্রহ্মপুত্র ইণ্ডাষ্ট্রিয়েল পার্কত কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হয় কোটি কোটি টকাৰ অবৈধ চুপাৰি৷ ঔদ্যোগিক পামখনৰ ৯১, ৯৪, ৮৩, ১৮, ৩, ৪, ১৭ আৰু ১০৩নং গুদামত আছিল অবৈধভাৱে মজুত ৰখা বার্মিজ চুপাৰি৷

এক গোপন সূত্রৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় চুপাৰিখিনি৷ উল্লেখ্য যে প্রশাসনৰ চকুত ধূলি দি উত্তৰ গুৱাহাটীৰ ঔদ্যোগিক পামৰ পৰা কৰফাঁকিৰে বছৰ বছৰ ধৰি কেইজমান অসাধু ব্যৱসায়ীয়ে চলাই আহিছিল বার্মিজ চুপাৰিৰ চোৰাং ক’লা বেহা৷ এই বাতৰি প্রস্তুত কৰা সময়লৈ আৰক্ষীয়ে অভিযুক্ত অসাধু ব্যৱসায়ীক আটক কৰা নাই৷ পলাতক হৈ আছে চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত ব্যৱসায়ী চক্র৷

কামৰূপ জিলাৰ দণ্ডাধিক কৌস্তুভ ৰয় আৰু নন্দিতা চহৰীয়াৰ উপস্থিতিত ইতিমধ্যে আঠটাকৈ গুদাম ছীল কৰা হৈছে৷ ছীল কৰা গুদামকেইটাৰ পৰা জব্দ কৰা হৈছে প্রায় এক লাখ বেগ চুপাৰি৷ গৌৰীপুৰৰ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সমীপতে দীর্ঘদিনৰ পৰা চলি আছিল অবৈধ চুপাৰিৰ এই ৰমৰমীয়া বেহা৷ কিন্তু আৰক্ষী চকীৰ ওচৰতে কেনেকৈ অবৈধ ব্যৱসায় চলি আছিল, এই লৈ ৰহস্য সৃষ্টি হৈছে৷

উল্লেখ্য যে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযান চলায়৷

RELATED ARTICLES