peepl-small

অৰুণাচলত অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই

PUBLISHED:

গুৱাহাটী: অৰুণাচলৰ কিমিনিত চাঞ্চল্যকৰ ঘটনা। নিশা অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই। বি এম হোটেলৰ স্বতাধিকাৰী জয়ন্ত তাঁতী আৰু কৰ্মচাৰী শিৱ মল্লিকক নিশা হোটেলতে গুলীয়াই থৈ যায় অৰুণাচলী দুৰ্বৃত্তই।

উল্লেখ্য যে জয়ন্ত তাঁতীৰ বুকু আৰু হাতত গুলী লগাৰ বিপৰীতে শিৱ মল্লিকৰ হাতত গুলী লাগে। সংকটজনক অৱস্থাত দুয়ো মালিক-কৰ্মচাৰীক নাহৰলগুনৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াকে লৈ আটছা আৰু আছাই কিমিনিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

RELATED ARTICLES