peepl-small

১২ জুলাইৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন

PUBLISHED:

গুৱাহাটীঃ অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব পঞ্চদশ অসম বিধান সভাৰ বাজেট অধিৱেশন। ১৩ আগষ্টত এই অধিৱেশনৰ অন্ত পৰিব।

আৰম্ভণিৰ দিনটোত মৃত্যু প্রসংগ আৰু প্ৰশ্নৰ পিছতে অধ্যক্ষই বিধান সভাৰ ২০২১ চনৰ বাজেট অধিৱেশনৰ বাবে কার্যসূচী স্থিৰ কৰি কার্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব।
ইয়াৰ পিছত অধ্যক্ষই অসম বিধান সভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰিব। সেই দিনটোতে অন্যান্য কার্যসূচীৰ লগতে চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু ২০২১-২০২২ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়াজনসমূহৰ তালিকা উপস্থাপন কৰা হ’ব।
১৩ জুলাইত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আৰু ১৪, ১৫ জুলাইত অধিবেশনৰ চৰকাৰী কার্যসূচীসমূহ চলিব। ২০২১-২০২২ বৰ্ষৰ বার্ষিক বিত্তীয় প্রতিবেদন (প্রাককলিত বাজেট) উপস্থাপন কৰা হ’ব ১৬ জুলাইত।

RELATED ARTICLES