peepl-small

মেঘালয়ৰ মাইঘুলিত ৩.৫ কোটি টকাৰ ২ কিলোগ্রাম ব্রাউন ছুগাৰ–৯৬,৩৫০টা নিচাযুক্ত টেবলেট জব্দ

PUBLISHED:

গুৱাহাটীঃ  নৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে সমগ্র ৰাজ্যতে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশত চলা এনে অভিযানকালত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ, হেৰ’ইন, নিচাযুক্ত টেবলেটকে ধৰি বিভিন্ন ধৰণৰ ‘বৰবিহ’৷ ইয়াৰ মাজতে ড্রাগ্ছৰ ক’লা সাম্রাজ্যৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলাই কামৰূপ আৰু মহানগৰ আৰক্ষীয়ে এক গুৰুত্বপূর্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

শনিবাৰে কামৰূপ আৰক্ষী আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযান চলাই মেঘালয়ৰ পৰা নগদ ধনসহ বুজন পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পলাশবাৰী থানাৰ প্রেক্ষাগৃহত   আয়োজিত এখন সংবাদ মেলত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয়ে এই সন্দর্ভত কয় যে এক গোপন সূত্রৰ খবৰৰ ভিত্তিত কামৰূপ জিলা আৰক্ষী আৰু মহানগৰ আৰক্ষীয়ে যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত মেঘালয় আৰক্ষীৰ সহযোগত চুবুৰীয়া ৰাজ্যখনৰ মাইঘুলিত অভিযান চলাই দুগৰাকী মহিলাসহ বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ, নিচাযুক্ত টেবলেটৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰয়ে জানিবলৈ দিয়া মতে এই অভিযানত দুই কিলোগ্রাম ব্রাউন ছুগাৰ জব্দ কৰা হয় আৰু ইয়াৰ বজাৰ মূল্য প্রায় দুই কোটি টকা৷ তদুপৰি অভিযানত নিচাযুক্ত টেবলেট জব্দ কৰা হয় ৯৬,৩৫০টা, যাৰ বজাৰ মূল্য প্রায় ১.৫০ কোটি টকা৷ লগতে নগদ ধন ৩ লাখ ৭০ হাজাৰ টকা উদ্ধাৰ কৰে৷ ধৃত মহিলা দুগৰাকীক বর্তমান জেৰা চলাই থকা হৈছে৷

অৱশ্যে তদন্তৰ খাতিৰত মহিলা দুগৰাকীৰ নাম প্রকাশ কৰাৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষক ৰয়৷ সংবাদ মেলত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সৈতেন্দ্র সিং হাজাৰী উপস্থিত থাকে৷

RELATED ARTICLES