গুৱাহাটীঃ প্ৰত্যাশিতভাৱে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিলে সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। দুলীয়াজান অধিৱেশনত আছুৰ পৰা অব্যাহতি গ্ৰহণ কৰে গগৈয়ে।
এক আৱেগিক পৰিৱেশত লুৰীণজ্যোতি গগৈয়ে সাধাৰণ সম্পাদক হিচাপে পদত্যাগ কৰাৰ লগতে সংগঠনটোৰ পৰা অব্যাহতি লৈ অসমৰ জাতীয় জীৱনৰ চেতনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়।