peepl-small

বিটিচিৰ ১২ সমষ্টিৰ উপৰি আন ২৬ সমষ্টিত প্রার্থী দিব হাগ্রামাই

PUBLISHED:

গুৱাহাটীঃ বিটিচিত বিপিএফপ্রধান হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটিল৷ বিটিচিৰ শাসনৰ পৰা মহিলাৰী ক্ষমতাচ্যুত হোৱাৰ পাছত মিত্রদল বিজেপিয়ে অহা বিধানসভা নির্বাচনত বিপিএফৰ পৰিৱর্তে ইউপিপিএলকহে মিত্রশক্তি হিচাপে ল’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

বিপিএফ দলৰ তৰফৰ পৰাও সমাগত বিধানসভা নির্বাচনত তেওঁলোকে বিজেপিৰ সৈতে মিত্রতা নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ অকল বিজেপিয়েই নহয়, কোনো ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সৈতে বিপিএফে অনাগত দিনত মিত্রতা নকৰে৷ ইয়াৰ পৰিৱর্তে আঞ্চলিক দলৰ সৈতেহে বুজাবুজিৰে নির্বাচনত অৱতীর্ণ হোৱাৰ ৰণনীতি যুগুতাই ইতিমধ্যে নৱগঠিত অসম জাতীয় পৰিষদৰ সৈতে প্রাৰম্ভিক যোগাযোগো চলাই আহিছে৷

শেহতীয়াকৈ হাগ্রামা মহিলাৰীয়ে আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে ৰাজ্যত পৰৱর্তী চৰকাৰ গঠনৰ ক্ষেত্রত কিংমেকাৰ হোৱাৰ নতুন কৌশল ৰচনা কৰিছে৷ সেই কৌশল অনুসৰি এইবাৰ বিধানসভা নির্বাচনত বিপিএফ দলে বিটিচিৰ অধীনস্থ ১২টা সমষ্টিৰ লগতে বিটিচিৰ বাহিৰত থকা আন ২৬টা সমষ্টিত দলীয় প্রার্থী থিয় কৰাব৷ দলৰ অন্যতম সাধাৰণ সম্পাদক প্রবীণ বড়োকে ধৰি দলটোৰ বিভিন্নজন নেতাই এইকথা প্রকাশ কৰিছে৷

বিপিএফৰ এক সূত্রৰ পৰা জানিব পৰা মতে, বিটিচিৰ বাহিৰত থকা গৌৰীপুৰ, গোলকগঞ্জ, বঙাইগাঁও, অভয়াপুৰী (উত্তৰ), সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি, দুধনৈ, বকো, ছয়গাঁও, গুৱাহাটী (পশ্চিম), দিছপুৰ, মৰিগাঁও, লাহৰীঘাট, ৰঙিয়া, ঢ়েকীয়াজুলি, বৰছলা, গহপুৰ, ধেমাজি, জোনাই, গোলাঘাট, সৰুপথাৰ আৰু কার্বি আংলং জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত বিপিএফে প্রার্থী থিয় কৰাব৷

মূলতঃ শাসক দল বিজেপিক প্রতিশোধ লোৱাৰ উদ্দেশ্যে বড়ো ভোটাৰ থকা সেই সমষ্টিসমূহত বিপিএফে প্রার্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে৷ যোৱাবাৰ বিধানসভা নির্বাচনত উক্ত সমষ্টিসমূহৰ বড়ো ভোটাৰসকলে বিজেপিৰ সপক্ষে ভোটদান কৰিছিল৷ পূর্বতে কংগ্রেছৰ লগত থকা মিত্রতাৰ সময়ত সেই সমষ্টিসমূহৰ বড়ো জনগোষ্ঠীৰ ভোট কংগ্রেছে লাভ কৰিছিল৷

এইবাৰ যদিহে বিধানসভা নির্বাচনৰ পূর্বে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি ৰাজনৈতিক দলৰে বিপিএফৰ বুজাবুজি হয় আৰু বিটিচিৰ ভিতৰত থকা ১২টা সমষ্টিৰ ক্ষেত্রত বিপিএফক যিসমূহ দলে মুকলিকৈ সমর্থন আগবঢ়াব, তাৰ বিনিময় হিচাপে উক্ত সমষ্টিসমূহত বিপিএফে তেওঁলোকৰ প্রার্থীক সমর্থন আগবঢ়াব৷

ইয়াৰ অন্যথা বিপিএফে বিটিচিৰ ভিতৰৰ ১২টা সমষ্টিৰ দৰে বাকী ২৬টা সমষ্টিতো নিজা প্রার্থী থিয় কৰাব৷ মুঠতে বিটিচিৰ বাহিৰত থকা যিসমূহ সমষ্টিত বড়ো ভোটাৰ আছে সেই ভোট একত্রিতভাৱে ৰাখি হাগ্রামা মহিলাৰীয়ে এইবাৰ আন এখন খেল খেলাৰ পৰিকল্পনা কৰিছে

RELATED ARTICLES