peepl-small

সংগোপনে মুখ্যমন্ত্রীৰ কাষ চাপিছে হাগ্রামা মহিলাৰীঃ গোপন বেলটেৰে বিপিএফক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ দিয়াৰ অনুৰোধ

PUBLISHED:

বিটিচিক লৈ নতুন অংক আৰম্ভ কৰিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে৷ ইতিমধ্যে হাগ্রামা মহিলাৰীয়ে এই সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো কাষ চাপিছে৷ সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে সেই কথা প্রকাশ কৰি কয় যে বিটিচি নির্বাচনৰ ফলাফল অনুসৰি বি পি এফ দল হৈছে সর্ববৃহৎ ৰাজনৈতিক দল৷

সেই অনুসৰি বিটিচি গঠনৰ ক্ষেত্রত ৰাজ্যপালে বি পি এফক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ দিব লাগিছিল৷ কিন্তু বি পি এফক সেই সুযোগ দিয়া নহ’ল৷ পৰৱর্তী পর্যায়ত বিষয়টো ন্যায়ালয়ৰ মজিয়া পায়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি বিটিচিত বি পি এফ দলক একক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ দিব লাগে৷ তাৰ বাবে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে কথা–বতৰা পাতিছে৷ এই সম্পর্কত বিধায়ক বড়োৱে আৰু কয় যে ৰাজ্যপালে ৰাজ্য চৰকাৰৰ পৰামর্শ মতে কাম–কাজ কৰে, সেয়া সকলোৱে জনা কথা৷ তাৰ বাবে প্রথমে ৰাজ্য চৰকাৰে সন্মতি প্রকাশ কৰিব লাগিব৷ তাৰ পাছত ৰাজ্যপালে সন্মতি প্রদান কৰিলেহে বিটিচিত গোপন বেলটেৰে সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ পাব৷ সেই সুযোগ দিলেই বি পি এফে সদনৰ মজিয়াত একক সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিব পাৰিব বুলি উল্লেখ কৰি বিধায়ক বড়োৱে কয় যে বি পি এফে চৰকাৰৰ পৰা বিশেষ একো বিচৰা নাই৷ আইনগত সাহায্যহে বিচাৰিছে৷

তেওঁ আৰু কয় যে বি পি এফ দলে বিটিচিৰ শাসনভাৰ লাভ কৰিলে ৰাজ্য চৰকাৰ বা বিজেপি চৰকাৰৰ কোনো হানি–বিঘিনি নহয়৷ বি পি এফ দল হৈছে বিটিচিৰ অন্তর্গত এটা ক্ষুদ্র ৰাজনৈতিক দল৷ বি পি এফৰ লক্ষ্য আৰু উদ্দেশ্য বিটিচিৰ ভিতৰতে সীমাবদ্ধ৷ বিটিচিৰ ভোটাৰেহে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ যিহেতু নিৰূপণ কৰে, সেয়ে অঞ্চলটোৰ ৰাইজৰ কাম–কাজ কৰাতেই বি পি এফে গুৰুত্ব দি আহিছে৷

বিটিচিৰ শাসনভাৰ বি পি এফে লাভ কৰিলেই বি পি এফ দলে বিজেপিৰ সংগী হ’ব বুলি স্পষ্ট কৰি দি বিধায়ক বড়োৱে কয় যে সেই সম্পর্কত মুখ্যমন্ত্রীৰ পৰা কোনো প্রস্তাৱ আহিলেই বি পি এফে সঁহাৰি দিব৷ বিটিচিৰ ক্ষমতা পালেই বি পি এফ দলে বিজেপিৰ সংগী হ’বলৈ মন মেলিছে যদিও বর্তমান বিটিচিৰ ক্ষমতাত থকা প্রমোদ বড়োক আঁতৰাই হাগ্রামা মহিলাৰীক সেই স্থান বিজেপিয়ে দিয়ে নে নিদিয়ে, সেয়া অনাগত সময়তহে লক্ষণীয় হ’ব৷

RELATED ARTICLES