peepl-small

ক’ভিড কেন্দ্রিক পৰিস্থিতিৰ বাবে বৰঝাৰ বিমানবন্দৰত অভাৱনীয়ভাৱে হ্রাস পাইছে যাত্রীৰ সংখ্যা

PUBLISHED:

গুৱাহাটীঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে দেশৰ আন আন বিমানবন্দৰৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত শেহতীয়াকৈ অহা–যোৱা কৰা বিমান যাত্রীৰ সংখ্যা হ্রাস পাইছে৷ সমান্তৰালভাৱে বৰঝাৰ বিমানবন্দৰত ক’ভিড সংক্রমণ যাতে হ’ব নোৱাৰে তাৰ বাবে অধিক কঠোৰ হৈছে স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্রশাসন৷

সোমবাৰে বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা ৪১জন যাত্রীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ৷ দেশৰ অন্য বিমানবন্দৰসমূহৰ পৰা গুৱাহাটীলৈ আহিলে যিদৰে ক’ভিড পৰীক্ষাৰ ৰিপ’ট প্রদর্শন কৰিব লাগে, ঠিক তেনেদৰে গুৱাহাটীৰ পৰা শিলচৰ, ইম্ফল বাংগালৰু, জয়পুৰ, আগৰতলা ভুবনেশ্বৰ আদি বিমানবন্দৰলৈ গ’লেও ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হৈ পৰিছে এতিয়াৰ পৰা৷ আনহাতে, কিছুদিন আগলৈকে দৈনিক গড হিচাপত প্রায় ৭ হাজাৰ লোক যাত্রীৰ ৰূপত বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সমসংখ্যক লোক দেশৰ বিভিন্ন ৰাজ্যলৈ গৈছিল৷

কিন্তু বিগত তিনি–চাৰি দিন ধৰি তাৰ সংখ্যক ৪০ শতাংশতকৈ অধিক কমি গৈছে৷ সোমবাৰে দেশৰ বিভিন্ন প্রান্তৰ পৰা ৪৬খন বিমানত আহে ৪,৬৪২জন যাত্রী৷ তেনেদৰে ৪৬খন বিমানত গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ যায় ৫,৪৭০জন যাত্রী৷ ২০২০ চনৰ ২৪ মার্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূর্বে বৰঝাৰ বিমানবন্দৰলৈ গড হিচাপত ১৫০খন বিমানেৰে প্রায় ১৬ হাজাৰ লোক যাত্রীৰ ৰূপত অহা–যোৱা কৰিছিল৷

তাৰ পিছত দুমাহৰ অন্তত ২৫ মে’ত বিমান সেৱা আৰম্ভ হোৱাৰ পিছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ কিন্তু ১৬ এপ্রিলৰ পিছত ক’ভিডকেন্দ্রিক পৰিস্থিতি বেয়ালৈ ঢ়াল খোৱাত আৰু সোমবাৰে নিশাৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত এক সপ্তাহৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰাত বিমান সেৱাত বিৰূপ প্রভাৱ পৰে৷ অৱশ্যে দিল্লীলৈ বিমান চলাচল কৰিলেও যাত্রীৰ সংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছে৷

RELATED ARTICLES