peepl-small

বৃদ্ধাক হত্যা কৰি উলিয়ালে শৰীৰৰ অংগ

PUBLISHED:

গুৱাহাটী: ধেমাজিত সংঘটিত হৈছে এটা বর্ণনাতীত লোমহর্ষক হত্যাকাণ্ড৷ এগৰাকী বৃদ্ধাক খুকুৰিৰে ঘপিয়াই হত্যা কৰি শৰীৰৰ অংগ–প্রত্যংগ উলিয়াই লৈ উধাও হোৱা জঘন্যতম হত্যাকাৰীয়ে মাংসপিণ্ড হাতত লৈয়ে আহিল থানালৈ৷ আজি সদৰ থানাৰ পৰা প্রায় ৪ কিলোমিটাৰ নিলগৰ গুৱালচাপৰিত উক্ত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্র অঞ্চল৷

জানিব পৰা মতে, গাঁওখনৰ প্রদীপ গগৈ নামৰ প্রায় ৫০ বছৰ ঊর্ধ্বৰ বিবাহিত লোকজনে কোনো কাৰণ নোহোৱাকৈ একে গাঁৱৰে প্রমীলা গগৈ নামৰ ৬৫ বয়সৰ বৃদ্ধা মহিলাগৰাকীক খুকুৰিয়ে পেটত ফালি শৰীৰৰ অংগ–প্রত্যংগ উলিয়াই লগত লৈ উধাও হয়৷ জঘন্য হত্যাকাণ্ডটোৰ পিছত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীৰ অলপ নিলগৰ পৰাই হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীযে আটক কৰা সময়তো হত্যাকাৰীয়ে হাতত লৈ আহিল মাংসপিণ্ডৰ টুকুৰা৷

RELATED ARTICLES