গুৱাহাটীঃ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীত অস্বাভাৱিকভাৱে শ শ মাছ মৃত্যুমুখত পৰাৰ পিছতে তৎপৰ হৈ পৰিছে পর্যটন আৰু মীন বিভাগ৷ অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাৰ ফলতেই দীঘলীপুখুৰীত ৬ কুইণ্টলৰ অধিক মাছ মৃত্যুমুখত পৰে৷ ইয়াৰ পিছতে মীন বিভাগে দীঘলীপুখুৰীত মাছৰ সংখ্যা কমাবলৈ শুকুৰবাৰৰে পৰা মাছ ধৰা আৰম্ভ কৰিছে৷ বকো ছমৰীয়াৰ পৰা অভিজ্ঞ মৎস্য চিকাৰীক আনি মীন বিভাগে শুকুৰবাৰে মাছ ধৰা আৰম্ভ কৰে৷
পর্যটন মন্ত্রী বিমল বৰাই কালি পুনৰ দীঘলীপুখুৰীত উপস্থিত হৈ মাছ ধৰা কার্যৰ তদাৰক কৰে৷ লগতে দীঘলীপুখুৰীত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাৰ বাবেই মাছৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমক সদৰী কৰে৷
দীঘলীপুখুৰীত মাছৰ ঘনত্ব কমাবলৈ শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা মাছ ধৰা প্রক্রিয়া কেইবাদিনো অব্যাহত থাকিব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ লগতে দীঘলীপুখুৰীক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ পর্যটন বিভাগে আঁচনি গ্রহণ কৰাৰ কথা সদৰী কৰে৷ মন্ত্রী বৰাই সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত দীঘলীপুখুৰীত পর্যটকৰ বাবে নৌকা বিহাৰৰ ব্যৱস্থা আৰু অৱসৰ বিনোদনৰ বাবে বৰশী বোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে দীঘলীপুখুৰীত ২০১৬ চনতে মীন বিভাগে মাছৰ পোনা এৰি দিছিল৷ তেতিয়াৰে পৰা মীন বিভাগে কোনোধৰণৰ কার্যব্যৱস্থা গ্রহণ কৰা নাছিল৷ পর্যটন বিভাগৰ অধীনত থকাৰ দোহাই দি মীন বিভাগে মাছৰ যতন নোলোৱাৰ বাবেই দীঘলীপুখুৰীত মাছৰ পৰিমাণ বৃদ্ধি পায়৷ ফলত অক্সিজেনৰ পৰিমাণ কমি যোৱাত ২৭ জুনৰ পৰা ধাৰাবাহিকভাৱে শ শ মাছ মৃত্যুমুখত পৰাৰ তথ্য পোহৰলৈ আহিছে৷
দীঘলীপুখুৰীত ধৰা মাছ ফিছফেডে কম মূল্যত ৰাইজৰ বাবে বিক্রীৰ ব্যৱস্থা কৰিছে৷ ১–২ কেজি ওজনৰ মাছ প্রতি কেজিত ৩৫০ টকা আৰু ২ কেজিৰ ওপৰৰ মাছৰ ৪০০ টকাকৈ মূল্য নির্ধাৰণ কৰি দিছে৷